কা-অধীনত পাকিস্তানৰ ১৪৫ জন হিন্দু শৰণাৰ্থীয়ে কৰ্ণাটকত ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন

127

নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত দেশৰ হিন্দু শৰণাৰ্থী পৰিয়ালে নাগৰিকত্ব লাভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শেহতীয়াকৈ কিছু লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। সমগ্ৰ দেশতে প্ৰায় ১২,০০০ লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিছে, যাৰ ভিতৰত ৩০০ জনক শেহতীয়াকৈ নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। আৱেদনকাৰীসকলে সকলো প্ৰয়োজনীয় নথিপত্ৰ অনলাইনত আপলোড কৰিছে, এই প্ৰক্ৰিয়াটো কেৱল অনলাইনত কৰা হৈছে। ইফালে, কৰ্ণাটকৰ ১৪৫ জন লোকে কা-ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছে। ইংৰাজী ৱেবছাইট দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, কৰ্ণাটকৰ মুঠ ১৪৫ জন লোকে নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন কৰিছে। তেওঁলোকে তেওঁলোকৰ আবেদনসমূহ ডাক বিভাগলৈ প্ৰেৰণ কৰিছে। আশ্চৰ্যজনকভাৱে, এই সকলোবোৰ আৱেদন ৰাজ্যখনৰ মাত্ৰ দুখন জিলাৰ পৰা প্ৰেৰণ কৰা হৈছে। ৰাইচুৰৰ পৰা ১৪৩ খন আৰু দক্ষিণ কানাড়াৰ পৰা দুখন আবেদন প্ৰাপ্ত হৈছে। তেওঁলোকৰ বেছিভাগেই পাকিস্তানৰ হিন্দু। কা-য়ে ৩১ ডিচেম্বৰ, ২০১৪-ৰ আগতে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু পাৰ্চীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। চলিত বৰ্ষৰ ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন (কা) কাৰ্যকৰী কৰাৰ বাবে এক জাননী জাৰি কৰা হয়।