কলিয়াবৰত বিদ্যালয়ৰ জিৰণীৰ সময়ত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ গাৰ ওপৰত বাগৰি পৰিল MGNREGAৰ চাইনবোৰ্ড, মৃত্যু

কলিয়াবৰৰ বিদ্যালয়ত অঘটন।

বিদ্যালয়ৰ জিৰণীৰ সময়ত খেলি থাকোতেই দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ গাৰ ওপৰত বাগৰি পৰিল এমজিএনৰেগাৰ চাইনবোৰ্ড।

এই ভয়ংকৰ ঘটনাত মৃত্যু কণমানি ছাত্ৰীগৰাকীৰ।

কলিয়াবৰৰ ২নং বৰঘূলি বালিকা মোক্তাব প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

গাৰ ওপৰত চাইনবোৰ্ড বাগৰি পৰাত কৰুণ মৃত্যু ফাৰ্জাতুন মমতাজ নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ।

এই ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *