কমনৱেলথ গেমছত আটাইকেইটা সফল তাৰকা অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এমা মেককন

অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এমা মেককনে মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত স্বৰ্ণ জয় কৰি নতুন ইতিহাস সৃষ্টি কৰে। তেওঁ কমনৱেলথ গেমছৰ আটাইতকৈ সফল খেলুৱৈ হৈ পৰিছে। মেককনে গ্লাছগো আৰু গ’ল্ড কোষ্টৰ সফলতাক আগবঢ়াই বাৰ্মিংহাম কমনৱেলথ গেমছত তেওঁৰ ১১ তম সোণৰ পদক অর্জন কৰে,  যিটো এটা নতুন অভিলেখ। বাৰ্মিংহাম গেমছত এয়া ২৮ বছৰীয়া তাৰকাগৰাকীৰ তৃতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে, তেওঁ ৪×১০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ৪×১০০ মিটাৰ মিক্সড ৰিলেতো সোণৰ পদক জিকিছিল। মেককনৰ নেতৃত্বত অষ্ট্ৰেলিয়াই মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত তিনিওটা পদক জিকিছিল। মেককনে ২৩.৯৯ ছেকেণ্ডত দূৰত্ব সম্পূৰ্ণ কৰিছিল। তেওঁৰ সহযোগী মেগ হেৰিছে ৰূপ আৰু ছাইনা জেকে ব্ৰঞ্জৰ পদক অর্জন কৰে।

মেককনৰ পিতৃ-মাতৃ ৰন আৰু চুচিও প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *