কন্যাই মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ আনন্দত মিঠাই আনিবলৈ যোৱা পিতৃ দুৰ্ঘটনাত পতিত, হাস্পতালত ভৰ্তি

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কন্যাৰ সাফল্যত আনন্দিত হৈ পৰা পিতৃয়ে মিঠাই আনিবলৈ যাওতেই পতিত হ’ল ভয়ংকৰ দুৰ্ঘটনাত।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰত।

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দেবেন ডেকা নামৰ এজন লোক।

জানিব পৰা মতে, আজি ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে দেবেন ডেকাৰ কন্যাই।

অতি অভাৱী পৰিয়ালৰ হৈও কন্যাই মেট্ৰিকত উত্তীৰ্ণ হোৱাত আনন্দত আত্মহাৰা হৈ পৰে পিতৃৰ লগতে গোটেই পৰিয়াল।

কন্যাৰ সাফ্যলৰ স্ফুৰ্তিত ওচৰ-চুবুৰীয়াক চাহ খাবলৈ ঘৰলৈ আমন্ত্ৰণ জনাব বিচাৰিছিল পৰিয়ালটোৱে।

সেইবাবেই দেবেন ডেকাই মিঠাই আনিবলৈ যাওতেই এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে তেওঁক।

পিছত এই দুৰ্ঘটনাত আহত দেবেন ডেকাক সংকটজনক অৱস্থাত জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *