ওড়িশাত ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(নেচনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট) প্লাছৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় এমএছডিই মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ভূৱনেশ্বৰৰ জাটনিত প্ৰায় ৭.৮ একৰ ভূমি সামৰি নিৰ্মাণ কৰিব লগা এনএছটিআই প্লাছৰ চৌহদত থাকিব এনআইইএছবিইউডি, এনএছডিচি আৰু এছআইআইচিৰ দৰে প্ৰতিষ্ঠানো। এই চৌহদটোৱে বিভিন্ন দক্ষতা বিকাশ কাৰ্য-কলাপৰ কেন্দ্ৰ হিচাপেও কাম কৰিব আৰু লগতে উদীয়মান ষ্টাৰ্ট-আপৰ বাবে এক নিউক্লিয়াছ বা কেন্দ্ৰবিন্দু ৰূপেও কাম কৰিব। এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতক বিশ্বৰ দক্ষতাৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে।
শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এনএছটিআইৰ আগন্তুক একত্ৰিত কেম্পাছটোৰ ওপৰত যথেষ্ট প্ৰত্যাশা কৰিছে, এই নতুন চৌহদটোৱে নতুন ভাৰতৰ যুৱক-যুৱতীক উন্নত দক্ষতাৰে সজ্জিত কৰিব, উদ্যোগীকৰণক উৎসাহিত কৰিব আৰু মাষ্টাৰ প্ৰশিক্ষকসকলক উদ্যোগ-নিৰ্দিষ্ট দক্ষতাৰে সজ্জিত কৰিব, যাৰ দ্বাৰা বিকশিত ভাৰতৰ দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ দিশতো এখোজ আগুৱাব।
ডিজিটিৰ অধীনত এনএছটিআই প্লাছে ক্ৰাফ্টছমেন প্ৰশিক্ষক প্ৰশিক্ষণ আঁচনি(চিআইটিএছ)ৰ অধীনত পৰ্যায়-১ত ৫০০গৰাকী প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব আৰু আপস্কিলিং আৰু ৰিস্কিলিং(পুনৰ দক্ষতা)ৰ বাবে আন ৫০০ প্ৰশিক্ষকক অন্তৰ্ভুক্ত কৰিব। এনএছটিআই প্লাছেৰ ছফট স্কিল গঢ়ি তোলা, নতুন প্ৰযুক্তি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা আৰু এক কাৰ্যকৰী শিক্ষণ পৰিৱেশ গঢ়ি তোলাৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত নতুন দিগৰ সূচনা কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ উপৰিও এই চৌহদত অৱস্থিত বিদ্যালয়সমূহত শিক্ষাবিদসকলৰ বাবে এক ক্ষমতা নিৰ্মাণ কেন্দ্ৰ হিচাপেও কাম কৰিব, বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়াব যিয়ে বিভিন্ন ক্ষেত্ৰত যুৱক-যুৱতীৰ সম্ভাৱনা উন্মুক্ত কৰিব, যাৰ ভিতৰত আছে অভিযন্তা, চুপাৰভাইজাৰ, টেকনিচিয়ান, কাৰ্যবাহী আৰু শিক্ষা প্ৰতিষ্ঠানৰ ফেকাল্টী মেম্বাৰ। এনএছটিআই প্লাছ অভিযানত ইগনৌ, এনআইঅ’এছ, এছ আই আই চি আৰু এন আই অ’ এছৰ সৈতে একত্ৰিত হৈ পাঠ্যক্ৰম আগবঢ়াই লৈ যাব।