ইটালীৰ পিয়াজিঅ’ গ্ৰুপৰ ১০০% সহযোগী প্ৰতিষ্ঠান তথা আইকনিক ভেস্পা আৰু স্প’ৰ্টী এপ্ৰিলিয়া ৰেঞ্জৰ স্কুটাৰ নিৰ্মাতা পিয়াজিঅ’ ভেহিকেলছ প্ৰাইভেট লিমিটেডে নিজৰ পাৰফৰ্মেন্স বিলাসী পৰ্টফলিঅ’ত এক ৰোমাঞ্চকৰ সংযোজন ঘোষণা কৰিছে। এই নতুন এপ্ৰিলিয়া এছআৰ ষ্টৰ্ম ১২৫ ৪টা ৰঙত উপলব্ধ – মেট ব্লেক, মেট ৰেড, মেট হালধীয়া আৰু গ্লছি হোৱাইট।
নতুন এপ্ৰিলিয়া এছআৰ ষ্টৰ্ম ১২৫ত ১২৫চিচি, ৩-ভালভ ৪-ষ্ট্ৰ’ক ইঞ্জিনৰ এপ্ৰিলিয়া এছ আৰ ষ্টৰ্মে উৎকৃষ্ট ত্বৰণ আৰু ক্ষিপ্ৰতা প্ৰদান কৰে। লগতে মাত্ৰ ৯.৬ ছেকেণ্ডত ০-৬০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে, যাৰ ফলত ৰাইডাৰ বা চালকসকলে দৈনিক চিগনেল-টু-চিগনেল ৰেচত জয়লাভত সহায় কৰে। চকাৰ প্ৰতিটো পাকতে মজা বা আমোদ বিচৰাসকলৰ বাবে উত্সৰ্গিত এইখন স্কুটাৰ। এপ্ৰিলিয়া এছ আৰ ষ্টৰ্মত আছে বল্ড গ্রাফিক্সৰ সৈতে এটা টিউবুলাৰ ষ্টীল ফ্ৰেম, ডিস্ক ব্ৰেকৰ সৈতে ১২ ইঞ্চিৰ টিউবলেছ টায়াৰ, এটা অৰ্ধ-ডিজিটেল ক্লাষ্টাৰ আৰু আৰামদায়ক ছাচপেনচন।
এপ্ৰিলিয়া এছ আৰ ষ্টৰ্ম ১২৫ৰ মূল্য ১,০৭,৯৯৯ টকা। ২০২৩ চনৰ আগষ্ট মাহৰ পৰাই ভাৰতৰ ২৫০+ এক্সক্লুছিভ ভেস্পা আৰু এপ্ৰিলিয়া ডিলাৰশ্বিপত উপলব্ধ এপ্ৰিলিয়া এছ আৰ ষ্টৰ্ম ১২৫। নতুন এপ্ৰিলিয়া এছআৰ ষ্টৰ্ম ১২৫ মুকলিৰ কথা ঘোষণা কৰি পিয়াজিঅ’ ভেহিকেলছ প্ৰাইভেট লিমিটেডৰ ২ডব্লিউ ডমেষ্টিক বিজনেছ (আইচিই)ৰ কাৰ্যবাহী উপাধ্যক্ষ অজয় ৰঘুবংশীয়ে কয় যে, “উদ্যোগটোৰ বাবে আগন্তুক উৎসৱৰ বতৰ প্ৰৌজ্বল কৰাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে আমি নিশ্চিত যে নতুন এপ্ৰিলিয়া এছআৰ ষ্টৰ্ম ১২৫ উৎসাহেৰে গ্ৰহণ কৰিব।”