চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত বুধবাৰৰ দিনটো ফলপ্ৰসূ আছিল। কিয়নো কালি ভাৰতে ৫ টা পদক লাভ কৰি কমনৱেলথ গেমছত সামগ্ৰিকভাৱে ১৮ টা পদকলৈ বৃদ্ধি কৰিছে। দিনটোৰ আৰম্ভণি হৈছিল ভাৰোত্তোলক লাভপ্ৰীত সিঙে পুৰুষৰ ১০৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ জয়ৰে। ইয়াৰ পিছত সৌৰভ ঘোচালে স্কোয়াছ পুৰুষৰ এককত
ব্ৰঞ্জৰ পদক প্ৰতিযোগিতাত জেমছ উইলষ্ট্ৰোপক ৩-০ত পৰাস্ত কৰি পদক নিশ্চিত কৰে। তুলিকা মানে সোণৰ পদক প্ৰতিযোগিতাত পৰাজিত হৈ জুডোত ৭৮ + কিলোগ্ৰাম শাখাত ৰূপৰ পদক নিশ্চিত কৰে। গুৰদীপ সিঙে পুৰুষৰ ১০৯+ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক জিকিছিল আৰু দিনটোৰ অন্তিম পদকটো এথলেটিকছত লাভ কৰিছিল। য’ত তেজস্বিন শংকৰে হাই জাম্পত ব্ৰঞ্জৰ পদক জিকিছিল। ইফালে, ভাৰত পুৰুষ হকী দলে কানাডাক ৮-০ত পৰাস্ত কৰে, আনহাতে মহিলাই কানাডাক ৩-২ গ’লত পৰাস্ত কৰে।
মহিলা ক্ৰিকেটত ইণ্ডিয়াই বাৰ্বাডোছক ১০০ ৰানত পৰাস্ত কৰি ছেমিফাইনেলত স্থান দখল কৰে। বক্সিংত ৰাজত্ব কৰা বিশ্ব চেম্পিয়ন নিখাত জাৰিন, মহম্মদ হিচামুদ্দিন আৰু নিতুৱে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু খেলখনত ভাৰতৰ ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। অৱশ্যে লাভলীনা বৰগোঁহাই আৰু আশীষ কুমাৰে তেওঁলোকৰ নিজ নিজ কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাত পৰাজিত হৈছিল।