এতিয়াই ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল, জনালে শিক্ষামন্ত্ৰীয়ে…

আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

শিক্ষা বিভাগে মে’ৰ শেষৰ ফালে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বিষয়ে জনাইছিল যদিও অপ্ৰত্যাশিতভাৱে আজিৰ দিনটোতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰে ছেবাই।

ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈও উৎসুক হৈ পৰিছে শিক্ষাৰ্থীসকল।

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে জনায় যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিবলৈ আৰু কিছু দিনৰ প্ৰয়োজন হ’ব।

সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে এদিন অগা পিছাকৈ মেট্ৰিক আৰু হায়াৰ চেকণ্ডাৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল।

কিন্তু শিক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত ফলাফল ঘোষণা কৰাৰ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *