এছএমইউয়ে আগবঢ়াইছে অনলাইন ডিগ্ৰী পাঠ্যক্ৰম

২৮ বছৰৰো অধিক শৈক্ষিক লিগেচীসম্পন্ন নাক এ+ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় ছিকিম মণিপাল বিশ্ববিদ্যালয়ে(এছএমইউ) ৭টা অনলাইন স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনে দুটা স্নাতক কাৰ্যসূচী আগবঢ়াইছে, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ সংমিশ্ৰণেৰে কলা স্নাতক (বি এ), আৰু বাণিজ্য শাখাত স্নাতক (বিকম)। এছএমইউয়ে ইংৰাজী, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, বাণিজ্য আৰু কম্পিউটাৰ এপ্লিকেচনত স্নাতকোত্তৰ ডিগ্ৰীকে ধৰি ৫টা ভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰমো মুকলি কৰিছে।

অনলাইন কাৰ্যসূচীবোৰ ইউজিচি-নটাইটেল(অধিকাৰপ্ৰাপ্ত) আৰু অন-কেম্পাছ(চৌহদ) ডিগ্ৰীৰ সমতুল্য স্বীকৃত। বিশ্ববিদ্যালয়খনৰ অনলাইন কাৰ্যসূচীবোৰ যথেষ্ট নমনীয় আৰু বহনক্ষম, যাৰ ফলত শিক্ষাৰ্থীসকলে নিজৰ কাম আৰু ব্যক্তিগত প্ৰতিশ্ৰুতি অনুসৰি নিজা গতিত অধ্যয়ন কৰিব পাৰে আৰু নিজৰ নিজৰ সময়সূচী অনুসৰণ কৰি তৈয়াৰ কৰিব পাৰে। অনলাইন ডিগ্ৰী কাৰ্যসূচীবোৰত এক উন্নত শিক্ষণ ব্যৱস্থাপনা প্ৰণালী (এলএমএছ), বিস্তৃত ই-লাৰ্ণিং সামগ্ৰী, অনলাইন প্ৰক্টৰ পৰীক্ষা, সমৰ্পিত শিক্ষাৰ্থী সমৰ্থন, আৰু লাইভ আৰু ৰেকৰ্ড কৰা বক্তৃতাৰ সুবিধাও আছে।

শিক্ষাৰ্থীসকলে উদ্যোগখণ্ডৰ বিশেষজ্ঞৰ দ্বাৰা ৱেবিনাৰ, ই-অৰিয়েণ্টেচন, ডাউট ক্লিয়াৰিং ছেচন আৰু অনলাইন প্লেচমেণ্ট ড্ৰাইভৰ দৰে ভাৰ্চুৱেল ছেচন আদিৰ সুবিধাও লাভ কৰিব। ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিলীপ চন্দ্ৰ আগৰৱালাই এছ এম ইউৰ অনলাইন ডিগ্ৰী মুকলিক লৈ উৎসাহ প্ৰকাশ কৰি বিশ্ববিদ্যালয়খনে মানসম্পন্ন আৰু সুলভ শিক্ষা প্ৰদানৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *