এক্সিছ মিউচুৱেল ফাণ্ডে মুকলি কৰিলে ‘এক্সিছ নিফটি আই টি ইনডেক্স ফাণ্ড’

এক্সিছ মিউচুৱেল ফাণ্ডে প্ৰতিষ্ঠানটোৰ নতুন পুঁজি অফাৰ – এক্সিছ নিফটি আই টি ইনডেক্স ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজি হৈছে নিফটি আই টি ট্ৰাইক অনুসৰণ কৰি মুকলি কৰা মুক্ত সূচকাংক ফাণ্ড। ফাণ্ড মেনেজাৰ হিতেশ দাসে এই পুঁজিৰ পৰিচালনা কৰিব। এক্সিছ নিফটি আই টি ইনডেক্স ফাণ্ডে নিফটি আই টি ট্ৰাইক অনুসৰণ কৰিব আৰু ট্ৰেকিং ভুল বা ত্ৰুটিৰ অধীনত নিফটি আই টি ট্ৰাইৰ মুঠ ৰিটাৰ্ণৰ সৈতে মিল থকা ব্যয়ৰ পূৰ্বে ৰিটাৰ্ণ প্ৰদান কৰাৰ লক্ষ্য ৰাখিব। নূন্যতম বিনিয়োগৰ পৰিমাণ হৈছে ৫,০০০ টকাআৰু ইয়াৰ ১/- টকাৰ গুণিতকত।

এক্সিছ নিফটি আইটি ইণ্ডেক্স ফাণ্ডৰ বিনিয়োগৰ উদ্দেশ্য হৈছে ট্ৰেকিং ত্ৰুটি বা এৰৰ সাপেক্ষে নিফটি আইটি ট্ৰাইৰ মুঠ ৰিটাৰ্ণৰ সৈতে মিল থকা খৰচৰ পূৰ্বে ৰিটাৰ্ণ প্ৰদান কৰা। এই আঁচনিৰ সূচী অনুসৰি যিমান সম্ভৱ সিমান অনুপাতত অন্তৰ্নিহিত সূচকৰ অংশ গঠন কৰা ষ্টকবোৰত বিনিয়োগ কৰিবলৈ চেষ্টা কৰে। মূলতঃ,  ৯৫%ৰ পৰা ১০০% বিনিয়োগ নিফটি আইটি ট্ৰাইৰ দ্বাৰা সামৰি লোৱা চিকিউৰিটি আৰু বাকীবোৰ ঋণ আৰু পুঁজি বজাৰৰ বিনিয়োগত কৰা হ’ব।

পুঁজিৰ কিছুমান মুখ্য গুণাগুণৰ ভিতৰত আছে কম ব্যয়ৰ নিষ্ক্ৰিয় বিনিয়োগ সমাধান, পক্ষপাতিত্ব নিষ্কাশন, ইকুইটি কৰ, নূন্যতম ট্ৰেকিং ত্ৰুটিৰ বাবে প্ৰচেষ্টা ইত্যাদি। এই বিষয়ে এক্সিছ এএমচিৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া বি. গোপকুমাৰে কয় যে, “এক্সিছ নিফটি আইটি ইণ্ডেক্স ফাণ্ড মুকলি কৰাৰ লগে লগে আমি আমাৰ বিভিন্ন সামগ্ৰী সম্প্ৰসাৰিত কৰি আছোঁ। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আমাৰ বিনিয়োগকাৰীসকলক ভাৰতৰ প্ৰযুক্তি সক্ষম কাহিনীৰ অংশ হোৱাৰ সুযোগ প্ৰদান কৰিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *