উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে ১২ গৰাকীতকৈও অধিক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
এই অভিযোগৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষকজনক।
বিদ্যালয়খনৰ প্ৰধান শিক্ষককে ধৰি আন দুজনকো তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
জিলা মৌলিক শিক্ষা অধিকাৰী কুমাৰ গৌৰভে কয় যে কম্পিউটাৰ শিক্ষকৰ চুক্তি বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।