উত্তৰ পূৱত বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে গাঁও-পৰ্যায়ৰ সমূহীয়া নিৰীক্ষণ ব্যৱস্থা আৰম্ভ

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰা বন্যপ্ৰাণী অপৰাধ নিৰীক্ষণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় লোকৰ সহযোগিতা আহৰণৰ পদক্ষেপৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ কেইখনমান গাঁৱত সমূহীয়া পৰ্যবেক্ষণ আৰু নিৰীক্ষণ গোট (CSMT) গঠন কৰিছে ।

স্থানীয় লোকক লৈ বিশেষভাৱে গঠিত আৰু অধিসূচিত বন্যপ্ৰাণী সুৰক্ষা এলেকাৰ চাৰিওফালে থকা কাষৰীয়া গাঁবোৰত কাম কৰা এই গোটসমূহে অবৈধ বন্যপ্ৰাণী সামগ্ৰীৰ গোপন বজাৰসমূহ নিৰীক্ষণ কৰাৰ লগতে জ্ঞাত আৰু সম্ভাৱ্য পথেৰে হোৱা বন্যপ্ৰাণীৰ ব্যৱসায়ৰ ওপৰত চকু ৰাখে ।
গাঁও পৰিষদ, পৰিৱেশ-উন্নয়ন সমিতি, জৈৱ বৈচিত্ৰ্য পৰিষদ, স্থানীয় বেচৰকাৰী সংস্থা আৰু ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আদি বিভিন্ন ক্ষেত্ৰৰ লোকক লৈ এই গোটবোৰ গঠন কৰা হয় ।

তেওঁলোকে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে স্থানীয় লোকসকলৰ মাজত সজাগতা আৰু সংবেদনশীলতা অভিযানো চলায় । এই দলসমূহক নিপুন যোগাযোগ বৰ্তাই ৰখা আৰু বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় তথ্যসমূহ তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণৰ প্ৰশিক্ষণ দিয়া হৈছে।

জনসাধাৰণক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি অৰিহণা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেওঁলোকে বন্যপ্ৰাণী অপৰাধে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সৃষ্টি কৰা বিপদৰ বিষয়ে স্থানীয় সংবাদ কৰ্মীসকলৰ সহযোগত গণ সজাগতাৰো সৃষ্টি কৰিব ।

নিজৰ নিৰ্ধাৰিত অঞ্চলত পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ উপৰিও চি এছ এম টি সমূহে বছৰজুৰি পৰিৱেশ আৰু বন্যপ্ৰাণী সম্পৰ্কীয় বিশেষ দিৱসবোৰত নিয়মীয়াকৈ সজাগতা কাৰ্যসূচীও অনুষ্ঠিত কৰিব ।
অৰুণাচলৰ চি এছ এম টি সমূহে মূলতঃ চোৰং চিকাৰ আৰু কাঠ কটাৰ দৰে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ডি’এৰিং বন্যপ্ৰাণী অভয়াৰণ্যৰ বন্যপ্ৰাণীকূলৰ সুৰক্ষাৰ ওপৰত মনোনিৱেশ কৰিব।

মণিপুৰত চি এছ এম টি সমূহে তামেংলং জিলাৰ দৈলং জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ আৰু ইয়াৰ আশে-পাশে অঞ্চলবোৰত চকু ৰখিব । মণিপুৰ চৰকাৰে ২০১৭ চনৰ মে’ মাহৰ শেষ সপ্তাহত তামেংলং জিলাৰ দৈলং গাওঁক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল।

এই পৰ্যন্ত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ আঠখন গাঁৱত আৰু মণিপুৰৰ তামেংলং জিলাৰ ছখন গাঁৱত চি এছ এম টি গঠন কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *