উত্তৰ-পূবত পোনপ্ৰথমবাৰৰ বাবে স্মার্ট ফাৰ্নিছাৰৰ সৈতে গুৱাহাটীত মুকলি হ’ল স্পেছ মেক্স

উত্তৰ-পূববাসীৰ বাবে বিশেষ অত্যাধুনিক আৰু অতিকৈ সুবিধাজনক ফাৰ্নিছাৰ লৈ গুৱাহাটীত পোনপ্ৰথম বাৰৰ বাবে পুনেস্থিত স্পেছ মেক্সৰ বিপনী মুকলি হয়। দেশ-বিদেশত বহুল হাৰত ব্যৱহৃত হোৱা এই বিশেষ ফাৰ্নিছাৰৰ বিপনী উত্তৰ-পূবত প্ৰথমবাৰৰ মুকলি কৰা হৈছে। বৰ্তমান সময়ত চহৰবাসীৰ বাসগৃহৰ কম ঠাইৰ অভাৱৰ জলন্ত সমস্যাটিক স্পেছ মেক্সৰ অত্যাধুনিক ফাৰ্নিছাৰে অতি সহজে সমাধান কৰিব পাৰিব। ইপিনে, স্পেছ মেক্সৰ পৰিচালন সঞ্চালক হিমাংশু গোৱেলে এই সন্দৰ্ভত কয় যে, “আমাৰ পুনেৰ মুখ্য শাখাৰ পিছত আন ৰাজ্যসমূহৰ পিছত বৰ্তমান উত্তৰ-পূবৰ ভিতৰতে গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ফাৰ্নিছাৰৰ স্ব’ৰুম মুকলি কৰা হয়। গুৱাহাটীত বাঢ়ি অহা আৱাসীসকলৰ বাসগৃহৰ ঠাইৰ অভাৱৰ সমস্যা অতি সহজে দূৰ কৰিব। লগতে শিশু সকলৰ বাবেও বিশেষ ডিজাইনৰ আচবাব মজুত আছে। আমাৰ ইয়াত ১০,০০০ টকাৰ পৰা ১,৫০,০০০ টকালৈ সামগ্রী আছে। সকলো গ্ৰাহকে স্পেছ মেক্সত তেওঁলোকৰ মনপছন্দৰ আচবাব বিচাৰি পাব বুলি মই আশাবাদী।”
ইয়াৰ লগতে স্পেছ মেক্স গুৱাহাটী শাখাৰ জ্যেষ্ঠ প্ৰৱন্ধক সুমিত আগৰৱালে গ্ৰাহকক দীপাৱলীৰ পূৰ্বে তেওঁলোকৰ মনপছন্দৰ আচবাব ক্ৰয় কৰি বাসগৃহবোৰ সজাই তুলিবলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে, “মই গুৱাহাটীৰ বাসগৃহসমূহৰ কম ঠাইৰ সমস্যাৰ সৈতে বাৰুকৈয়ে পৰিচিত, সেয়েহে এই স্পেছ মেক্সৰ আচবাবেৰে কম ঠাইৰ অভাৱত ভুগু থকা গ্ৰাহকসকলক বাৰুকৈয়ে সকাহ দিব।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *