উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান। বৃহস্পতিবাৰে কেৰালাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।
দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ অন্যতম পথ প্ৰদৰ্শক আছিল ফাতিমা বিভি। সংখ্যালঘু মহিলাক আদালতলৈ অনাৰ ক্ষেত্ৰতো পৰ্দাৰ আঁৰত ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁ। কেৰালাৰ পৰা আইন বিষয়ত স্নাতক হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। এৰ্নাকুলামৰ আইন মহাবিদ্যালয়ৰ পৰা আইন উত্তীৰ্ণ হোৱাৰ পিছত ফাতিমাই ৫০ বছৰ বয়সত ন্যায়পালিকাৰ কেৰিয়াৰ আৰম্ভ কৰে। প্ৰথম অৱস্থাত অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও পিছলৈ আইন দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰিছিল। কেৰালাৰ দণ্ডাধীশ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা আছিল তেওঁ।
ক্ৰমান্বয়ে পদোন্নতিৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল তেওঁ। ১৯৮৯ চনত ফাতিমা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। কেৱল ভাৰতৰ নহয়, এছিয়াৰো উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল ফাতিমা বিভি। ১৯৮৯ চনত ফাতিমাই ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
অৱসৰৰ পাছতো তেওঁ প্ৰশাসনিক পদত অধিষ্ঠিত হৈছিল। দীৰ্ঘদিন ধৰি তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সংখ্যালঘু মহিলাৰ সৈতেও কাম কৰিছে। তেওঁৰ মৃত্যুত আইনী সমাজত শোকৰ ছাঁ পৰিছে।