উচ্চতম ন্যায়ালয়ত মুখথেকেছা কাৰাবন্দী আপ নেতা মনীষ ছিছ’দিয়াৰ, পত্নীৰ অসুস্থতাৰ বাবে বিচাৰিছিল জামিন

জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত মুখথেকেছা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ। পত্নীৰ অসুস্থতাৰ কাৰণে চিছ’দিয়াই অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল। কিন্তু ন্যায়ালয়ে শুকুৰবাৰে এই আবেদন নাকচ কৰি ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত জামিন আৱেদন বিবেচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ছিছ’দিয়াক জামিন দিবলৈ অস্বীকাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল ছিছ’দিয়াই। ১৪ জুলাইত আদালতে ছিছ’ডিয়াৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত জাননী জাৰি কৰি কয় যে ৪ আগষ্টত ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *