ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যা গোচৰ! বিজেপি কিষাণ মৰ্চাৰ বহিস্কৃত সদস্য অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিদালৰ হত্যাত নাম সাঙোৰ খাই পৰা বিজেপি কিষাণ মৰ্চাৰ নিলম্বিত সদস্য অনুৰাগ চলিহাক দেওবাৰে শিৱসাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নিশা শিৱসাগৰৰ ডিমৌৰ পৰা অনুৰাগ চলিহাক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।

উল্লেখ্য যে, অনুৰাগ চলিহাৰ সৈতে বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে ইন্দ্ৰাণীয়ে আত্মহত্যা কৰিছিল। এই ঘটনাৰ পিছতে অনুৰাগ চলিহাক দলৰ পৰা বহিস্কাৰ কৰা হয়।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চালিহাক ইন্দ্ৰাণীৰ মৃত্যুক লৈ হোৱা বিতৰ্কত জড়িত হৈ থকাৰ অভিযোগৰ বাতৰি অনুসৰি দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *