ইন্দোৰত জি-২০ এলইএমএমৰ সামৰণি

২১ জুলাই, শুকুৰবাৰে ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত জি-২০ দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীৰ বৈঠক(এলইএম)ৰ আয়োজন কৰা হয় । এই বৈঠকত ২৪ জন মন্ত্ৰীকে ধৰি বিভিন্ন দেশৰ ১৬৫গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰ্চুৱেলী ভাষণৰ জৰিয়তে বৈঠকৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাত নিযুক্তিৰ ওপৰত চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি কয় যে বৰ্তমান সময়ত প্ৰযুক্তিয়েই হৈছে প্ৰাথমিক চালক। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “মই নিশ্চিত যে বিশ্বৰ সকলো শ্ৰমিকৰ কল্যাণৰ বাবে আজি আপোনালোকে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব। আপোনালোক সকলোৰে জৰিয়তে মই এক ফলপ্ৰসূ আৰু সফল বৈঠকৰ কামনা কৰিছো।”

ইন্দোৰত ১৯-২০ জুলাইত অনুষ্ঠিত চতুৰ্থ নিয়োগ কৰ্মগোটৰ বৈঠকত বিশ্বজুৰি নিয়োগৰ প্ৰত্যাহ্বান আৰু ফলাফলৰ দস্তাবেজৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ সচিব তথা জি-২০ ইডব্লিউজিৰ অধ্যক্ষ আৰতি আহুজাই বিভিন্ন দেশৰ প্ৰতিনিধিসকলক আদৰণি জনাই পূৰ্বৰ আলোচনাৰ সাৰাংশ দাঙি ধৰে। ভাৰতে ই-লেবাৰ আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বিশ্বৰ সৰ্ববৃহৎ ডাটাবেছ নেচনেল কেৰিয়াৰ চাৰ্ভিচ (এনচিএছ) পৰ্টেলত উপস্থাপন কৰিছে। এই বৈঠকৰ সময়তে জি-২০ৰ প্ৰতিনিধিসকলে ঐতিহাসিক মাণ্ডু দুৰ্গও পৰিদৰ্শন কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *