ইণ্ডোনেছিয়া অ’পেনত অভিযান অন্ত পি ভি সিন্ধুৰ

ইণ্ডোনেছিয়া অ’পেন ৱৰ্ল্ড টুৰ ছুপাৰ ১০০০ টুৰ্ণামেণ্টত পোনপটীয়া খেলত জয়লাভ কৰি বৃহস্পতিবাৰে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে কিদাম্বি শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়ে।আনহাতে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ যাত্ৰা দ্বিতীয় ৰাউণ্ডত পৰাজয়ৰ সৈতে সমাপ্ত হয়। পুৰুষৰ একক দ্বিতীয় ৰাউণ্ডৰ খেলখনত লক্ষ্যই শ্ৰীকান্তক কঠিন যুঁজ দিছিল কিন্তু বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল কৰা অভিজ্ঞ খেলুৱৈগৰাকীয়ে ৪৫ মিনিট ধৰি চলি থকা এখন খেলত ২১-১৭ ২২-২০ ব্যৱধানত খেলখনত জয়লাভ কৰে। দুয়োজন খেলুৱৈৰ তিনিখন খেলত এইটো শ্ৰীকান্তৰ তৃতীয় জয়।৪৩ মিনিট ধৰি চলি থকা এখন খেলত সপ্তম স্থানৰ প্ৰণয়ে হংকঙৰ এংগাছ লংক ২১-১৮, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে। বিশ্বৰ চতুৰ্দশ স্থানত থকা সিন্ধু দ্বিতীয় ৰাউণ্ডৰ খেলখনত বিশ্বৰ তৃতীয় স্থানত থকা চীনা টাইপেইৰ টাই জু য়িংৰ হাতত ১৮-২১ ১৬-২১ ব্যৱধানত পৰাজিত হয়।
সিন্ধু যোৱা দুটা টুৰ্ণামেণ্টত আৰম্ভণি ৰাউণ্ডত নক আউট হৈছিল। সিন্ধুৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টাই জুৰ বিৰুদ্ধে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। দুয়োজন খেলুৱৈৰ মাজত খেলা ২৪ খন খেলত চীনা টাইপেইৰ খেলুৱৈগৰাকীয়ে ১৯ খন মেচ জিকিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *