আমাক কোনেও ভাঙিব নোৱাৰে, আমি শক্তিশালী, আমি ইউক্ৰেনীয়।’ ৰাছিয়াই এফালৰপ পৰা ইউক্ৰেইন ধ্বংস কৰি যোৱাৰ মাজতে ইউৰোপীয় ইউনিয়নক সম্বোধন কৰি এই মনন্তব্য কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। তেওঁৰ এই মন্তব্যৰ লগে লগে ইউৰোপীয় ইউনিয়নৰ সদস্য সকলে হাত চাপৰি বজাই প্ৰশংসা কৰে।
সপ্তাহত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা সামৰিক আক্ৰমণৰ পিছতে ৰাছিয়াৰ এই সামৰিক অভিযান বৃহৎ সংঘৰ্ষত পৰিণত হৈছে আৰু ইয়াৰ ফলত হতাহতৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ মতে ইউক্ৰেইনত সংঘৰ্ষই এতিয়ালৈকে দেশখনৰ সীমাৰে ৫,০০,০০০ তকৈও অধিক লোক দাঁতি কাষৰীয়া ৰাষ্ট্ৰলৈ পলাই গৈছে।