আলোচনাৰ মাধ্যমেৰে অসমত শান্তি প্রতিষ্ঠা কৰক : আপ

অসম আৰক্ষীৰ হৈ আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰি কৰাৰ অপৰাধ তুলি দুই অসমীয়া যুৱক ক্ৰমে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মাক মৃত্যুদণ্ড দিয়া সম্পৰ্কত আম আদমি পার্টী, অসমে তীব্র প্রতিক্রিয়া প্রকাশ কৰে। কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে আমি স্তম্ভিত আৰু হতবাক হৈছো, অসমত ১৫ বছৰীয়া কংগ্ৰেছ আৰু ৬ বছৰীয়া শাসনকালত বিজেপি চৰকাৰে আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ মাজেৰে অসমত শান্তি প্রতিষ্ঠা কৰিবলৈ আজিলৈ সক্ষম নহ’ল। যাৰ পৰিণতি বহু অসমীয়া ডেকাই আজিলৈকে মৃত্যু বৰণ কৰিবলগীয়া হৈ আছে। মানুহৰ জীৱনক লৈ হেতালি খেলাটো ৰাজ্য চৰকাৰ আৰু আলফা উভয়ৰে নিকৃষ্ট ৰাজনীতি বুলি মন্তব্য কৰি এনে বৰ্বৰতাক একেমুখে ধিক্কাৰ দিবলৈকে আহ্বান জনাইছে দলটোৱে। আম আদমি পাৰ্টীয়ে আলফাৰ মুৰব্বী পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক এই দীঘলীয়া সশস্ত্র সংগ্রামক যোগাত্মক আলোচনাৰ মাজেৰে সমাপ্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আমি বিচাৰো এই বৰ্বৰতা বন্ধ হওক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *