অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে সোমবাৰে আমিনগাঁৱত চলোৱা বিশেষ ড্ৰাগছ বিৰোধী অভিযানত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১৮ কোটি টকাৰ ২.২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব প্ৰদান কৰে ডিআইজি ডাঃ পাৰ্থসাৰথি মহন্ত আৰু কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে।
সূত্ৰ অনুসৰি জব্দকৰণৰ সৈতে জড়িত মুঠ ৬ জন লোকক আটক কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।