বুধবাৰে আম আদমী পাৰ্টিৰ কৰ্মীসকলে আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত সঞ্জয় সিংক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ কাৰ্যালয়ৰ সমীপত মুম্বাই আৰু মধ্য দিল্লীত এই প্ৰতিবাদ সাব্যস্ত কৰে আপে।
আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু শ্লোগান উত্থাপন কৰা প্ৰতিবাদকাৰীকো মুম্বাই আৰক্ষীয়ে আটক কৰি ৰাখিছে।
ডিডিইউ মাৰ্গত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত একত্ৰিত হৈ দলটোৰ কেইবাজনো কৰ্মীয়ে কেন্দ্ৰৰ বিৰুদ্ধে শ্লোগান দি সিঙক মুক্তিৰ দাবী জনায়।
সংসদত আদানী গোটৰ সৈতে জড়িত বিষয় উত্থাপন কৰাৰ বাবেই সিঙক বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে।
২০২১-২২ বৰ্ষৰ দিল্লী আবকাৰী নীতি গোচৰৰ দুৰ্নীতিৰ অভিযোগত বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল সিঙক।
বৃহস্পতিবাৰে আপে কয় যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰি মুখ বন্ধ কৰিবলৈ চেষ্টা চলাইছে। তেওঁৰ বিৰুদ্ধে তেওঁলোকৰ হাতত থকা যিকোনো প্ৰমাণ ৰাজহুৱা কৰিবলৈও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনায় দলটোৱে।
ৰাজধানী দিল্লীত এখন সংবাদমেল সম্বোধন কৰি আপৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী আতিশীয়ে দাবী কৰে যে বিগত ১৫ মাহত ইডি আৰু চিবিআইৰ ৫০০ৰো অধিক বিষয়াই আপ নেতাৰ সৈতে জড়িত বিভিন্ন স্থানত অভিযান চলাইছিল যদিও ইয়াৰ বিৰুদ্ধে “এটাও প্ৰমাণ পোৱা নাই” ।
“তেওঁলোকে মনীষ চিছ’দিয়াৰ বাসগৃহ, কাৰ্যালয় আৰু আন কেইবাটাও স্থানত অভিযান চলাইছিল যদিও তেওঁলোকে এটকাও দুৰ্নীতিৰ প্ৰমাণ বিচাৰি নাপালে। আৰু এতিয়া সঞ্জয় সিঙক লক্ষ্য কৰি লোৱা হৈছে।”
“ইডি বিষয়াসকলে সঞ্জয় সিঙৰ বাসগৃহৰ প্ৰতিটো ইঞ্চিত অভিযান চলাইছিল যদিও একো বিচাৰি নাপালে। তেওঁ অহৰহ কেন্দ্ৰৰ দুৰ্নীতিৰ বিষয় উত্থাপন কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।”
আতিশীয়ে আৰু কয় যে যদি তেওঁলোকৰ নেতাৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা যায় তেন্তে কেন্দ্ৰই “ৰাজহুৱা কৰিব লাগে”।