আজানে মোক মূৰৰ বিষ দিয়ে, আল্লাহ ‘বধিৰ’ নেকি? কৰ্ণাটক বিজেপি নেতাৰ প্ৰশ্ন

কৰ্ণাটকৰ বিজেপি নেতা কে এছ এশ্বৰপ্পাই আজানক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে।

তেওঁ কয় যে মই য’তেই যাওঁ, এই (আজান) মোৰ মূৰৰ বিষ হয় আৰু লগতে কয় যে যদি আপুনি লাউডস্পীকাৰ ব্যৱহাৰ কৰি নামাজ পঢ়িবলগীয়া হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল আল্লাহ বধিৰ।

উচ্চতম ন্যায়ালয়ৰ ৰায়দান হোৱাৰ বাবে নিঃসন্দেহে অতি সোনকালে ইয়াৰ অন্ত পৰিব।’ -এশ্বৰপ্পাই লগতে কয়।

বিজেপি নেতাজনৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বহু মুছলিম সংগঠন।

ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰা হৈছে বিজেপি নেতাজনৰ বিৰুদ্ধে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *