আইডিএফচি ফাৰ্ষ্ট বেংকে প্ৰকাশ কৰিলে ২০২৩ বিত্তীয় বৰ্ষৰ ফলাফল

আইডিএফচি ফাৰ্ষ্ট বেংকৰ পৰিচালনা সমিতিৰ বৈঠকত ২০২৩ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ত্ৰৈমাসিক আৰু বিত্তীয় বৰ্ষৰ অডিট কৰা বিত্তীয় ফলাফলত অনুমোদন জনোৱা হয়। মুখ্য উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল : ২০২৩ বিত্তীয় বৰ্ষত কৰ বৃদ্ধিৰ পিছত লাভৰ পৰিমাণ ২,৪৩৭ কোটিলৈ বৃদ্ধি পাইছে, যি ২০২২ বিত্তীয় বৰ্ষত ১৪৫ কোটি টকা আছিল। ২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত আছিল ৮০৩ কোটি টকা, ইয়াৰ পৰিমাণ ২০২২ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত ১৩৪% বৃদ্ধি।

গ্ৰাহকৰ জমা ধন ৪৭% বৃদ্ধিৰে হয় ১,৩৬,৮১২ কোটি টকা। ২৪% পৰ্যন্ত বাৰ্ষিকি বৃদ্ধিৰে ঋণ আৰু অগ্ৰিম মূল্য আছিল ১,৬০,৫৯৯ কোটি টকা। মুঠ এনপিএ ২.৫১% আৰু নেট এনপিএ ০.৮৬% হাৰত সম্পদৰ মান উন্নত হৈছে। মূলধনৰ পৰ্যাপ্ততা ১৬.৮২% শক্তিশালী আছিল। বছৰটোৰ বাবে মুঠ সূত উপাৰ্জন (NII) ৩০% বৃদ্ধি পাইছে, ২০২২ বিত্তীয় বৰ্ষত ৯,৭০৬ কোটি টকাৰ পৰা ১২,৬৩৫ কোটি টকালৈ বৃদ্ধি হৈছে। বছৰটোৰ বাবে মাচুল আৰু অন্যান্য উপাৰ্জন ৫৪% বাৰ্ষিকী বৃদ্ধি পাইছে, ২০২২ বিত্তীয় বৰ্ষৰ ২,৬৯১ কোটি টকাৰ পৰা ২০২৩ বিত্তীয় বৰ্ষত ৪,১৪২ কোটি টকালৈ বৃদ্ধি হৈছে।

বছৰটোৰ মূল অপাৰেটিং প্ৰফিট (NIIৰ লগতে ফিজ লেছ অপেক্স, ট্ৰেডিং লাভৰ বাহিৰে) ৬৭% বাৰ্ষিকী বৃদ্ধি হৈ ২০২২ বিত্তীয় বৰ্ষত ২,৭৫৩ কোটি টকাৰ পৰা ৪,৬০৭ কোটি টকালৈ বৃদ্ধি পাইছে। আইডিএফচি ফাৰ্ষ্ট বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া (MD&CEO) ভি বৈদ্যনাথনে কয় যে, যদিহে আমি আন্তঃগাঁথনি বিত্তীয় বহীখন বাদ দিওঁ, তথাপিও ৰান-ডাউন মুডতে আছে, সামগ্ৰিক বেংক স্তৰত মুঠ এনপিএ আৰু নেট এনপিএ হ’ব ১.৮৪% আৰু ০.৪৬%।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *