আইটেলে ১৫ হাজাৰতকৈ কম মূল্যৰ 3ডি কাৰ্ভড এমলড ডিচপ্লেযুক্ত ভাৰতৰ প্ৰথমটো স্মাৰ্টফোন মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে জেনেৰেল জেড(সাধাৰণ লোকসকল)ৰ ষ্টাইল বা প্ৰয়োজনীয়তাৰ সৈতে যাতে সংগতি ৰাখে। বেংক অফাৰৰ সৈতে ১২,৯৯৯ টকাৰ কাৰ্যকৰী মূল্যত উপলব্ধ এছ23+ ফোন, এই ফোনত এটা ইন-ডিচপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু ফ্লেছসহিতে ৩২ মেগাপিক্সেল আল্ট্ৰা-ক্লিয়াৰ ফ্ৰণ্ট কেমেৰা আছে। এই নতুন স্মাৰ্টফোনটোৱে ডিজাইনৰ উৎকৰ্ষতাক মূৰ্ত কৰি তুলিছে, য’ত এটা অতি-মসৃণ ৭.৯ এমএম শ্লীম বডী আৰু মাত্ৰ ১৮০ গ্ৰামৰ পাতল ওজন আছে ফোনটোত।
3ডি কাৰ্ভড এমলড ডিচপ্লেই এক উল্লেখযোগ্য ২৪০ হাৰ্জ টাচ্ছ চেম্পলিং ৰেট প্ৰদান কৰিছে, যিয়ে ইয়াক উচ্চ-মানদণ্ডৰ গেম আৰু উৎপাদনশীলতাৰ বাবে আদৰ্শ কৰি তুলিছে। এই স্মাৰ্টফোনটোৰ ষ্ট’ৰেজ বিকল্পবোৰৰ ভিতৰত আছে ২৫৬জিবি+১৬জিবি পৰ্যন্ত (৮জিবি মেম’ৰী ফিউজনৰ সৈতে ৮জিবি ৰেম), এটা চিকচিকীয়া ৭.৯ এমএম শ্লীম বডী আৰু এটা শক্তিশালী ৫০ মেগাপিক্সেল ৰিয়েৰ কেমেৰা ইত্যাদি। আইটেলৰ ডাইনেমিক আইলেণ্ডে ব্যৱহাৰকাৰী বা গ্ৰাহকসকলক ইনকামিং কল, ৰিমাইণ্ডাৰ আৰু বেটাৰি ষ্টেটাচৰ বাবে নটিফিকেচন পৰীক্ষা কৰাৰ অনুমতি দিয়ে। এই ফোনটোত থকা বেষ্ট-ইন-ছেগমেণ্ট ডিচপ্লেখন গৰিলা গ্লাছ ৫ৰ সৈতে সুৰক্ষিত, যিয়ে ষ্টেণ্ডাৰ্ড গ্লাছ স্ক্ৰীণতকৈ ড্ৰপৰ প্ৰতি ৪ গুণ বেছি প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে।
এই শুভাৰম্ভণিৰ বিষয়ে মন্তব্য কৰি আইটেল ইণ্ডিয়াৰ চিইঅ’ অৰিজিৎ তালাপাত্ৰাই কয় যে, “আইটেল এছ২৩+ বজাৰত মুকলি কৰি আমি এক সাহসী যাত্ৰা আৰম্ভ কৰিছোঁ, এই ছেগমেণ্টক যুগান্তকাৰী বৈশিষ্ট্যৰে সৈতে পুনৰ সংজ্ঞায়িত কৰিবলৈ অনাবৃত আৰু অন্বেষণ নোহোৱা অঞ্চললৈ নতুন যাত্ৰা কৰিছোঁ।”