আইচিআইচিআই বেংকে ডিজিটেল ৰুপি ব্যৱহাৰ কৰি লাখ লাখ গ্ৰাহকক যিকোনো ব্যৱসায়ী কিউআৰ ক’ডৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ সক্ষম কৰিছে

আইচিআইচিআই বেংকৰ ‘ডিজিটেল ৰুপী বাই আইচিআইচিআই বেংক’ নামেৰে বেংকৰ ডিজিটেল ৰুপি (ই₹) এপ ব্যৱহাৰ কৰি লাখ লাখ গ্ৰাহকে যিকোনো ব্যৱসায়ীক কিউআৰ ক’ডত ধন পৰিশোধ কৰিবলৈ সক্ষম কৰা বুলি ঘোষণা কৰিছে। বেংকে নিজৰ ডিজিটেল ৰুপিৰ এপ ইউপিআই(ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ)ক আন্তঃকাৰ্য্যকৰী কৰি ইয়াক সম্ভৱ কৰি তুলিছে। এই সংহতি(ইণ্টিগ্ৰেচ)ৰ ফলত গ্ৰাহকে ব্যৱসায়ী আউটলেটত বৰ্তমানৰ ইউপিআই কিউআৰ ক’ড স্কেন কৰিব পাৰে আৰু ডিজিটেল ৰুপি এপৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰে, যাৰ ফলত বাধ্যতামূলক অনবৰ্ডিং পদ্ধতিৰ প্ৰয়োজনীয়তা নোহোৱা হয় আৰু লেনদেন সম্পূৰ্ণ কৰিব পাৰে। এপটো এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটা ডিভাইচৰ বাবে উপলব্ধ আৰু ব্যৱহাৰকাৰীসকলক নিজৰ সঞ্চয় একাউণ্টৰ পৰা ধন লোড কৰিবলৈ অনুমতি দিয়ে।

নিৰৱচ্ছিন্ন ডিজিটেল বেংকিং সমাধান প্ৰদান কৰা আৰু গ্ৰাহকৰ মাজত ডিজিটেল মুদ্ৰাৰ অধিক গ্ৰহণযোগ্যতা প্ৰসাৰ কৰাই হৈছে বেংকটোৰ লক্ষ্য । দ্ৰুত ধন পৰিশোধ কৰিবলৈ ব্যৱহাৰকাৰীয়ে এই এপটো শেহতীয়া সংস্কৰণলৈ আপডেট কৰিব পাৰে, লগ ইন কৰিব পাৰে, ব্যৱসায়ীৰ ইউপিআই কিউআৰ ক’ড স্কেন কৰিব পাৰে, পৰিমাণ নিৰ্বাচন কৰিব পাৰে, পিন এণ্টাৰ(প্ৰবিষ্ট) কৰিব পাৰে আৰু লেনদেন সম্পূৰ্ণ কৰিব পাৰে। এণ্ড্ৰইড আৰু আই অ’এছ দুয়োটা ডিভাইচৰ বাবে উপলব্ধ এই এপটো ব্যৱহাৰকাৰীয়ে নিজৰ চেভিংছ একাউণ্টৰ পৰা ধন লোড কৰাৰ সুবিধা প্ৰদান কৰে।

এই পদক্ষেপ সন্দৰ্ভত ভাষণ প্ৰদান কৰি আইচিআইচিআই বেংকৰ ইক’চিষ্টেমৰ হেড- মাৰ্চেণ্ট বিজিত ভাস্কৰে কয় যে, “ আমাৰ ডিজিটেল ৰুপি এপৰ এই নতুন বৈশিষ্ট্য –‘আইচিআইচিআই বেংকৰ ডিজিটেল ৰুপি’– বেংকৰ গ্ৰাহকসকলক বৰ্তমানৰ ব্যৱসায়িক কিউআৰ কোডত পৰিশোধ কৰিবলৈ সক্ষম কৰে, যাৰ ফলত পৰিশোধৰ পথ দ্ৰুতগতিত সম্প্ৰসাৰিত হয়।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *