অসমৰ দিছ্পুৰ প্ৰেছ ক্লাৱত সংবাদ মেল

59

সংৰক্ষণ ব্যৱস্থা এক সাংবিধানিক অধিকাৰ, বঞ্চনা নচলিব- অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে বুধবাৰে দিছ্পুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইদৰে হুংকাৰ দিয়ে। সংবাদ মেলত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে সাধাৰণ জাতি সুৰক্ষা সম্মিলন আৰু অসমীয়া ব্ৰাহ্মণ সন্মিলনীৰ বিৰুদ্ধে সংবিধান অৱমাননাৰ অভিযোগ উত্থাপন কৰে। সভাপতি দাসে কয়-
সমাজত পূৰ্বৰে পৰা চলি অহা এচাম উচ্চ বৰ্ণৰ দমন- শোষণ- নিষ্পেষণ আৰু জাতিভেদ প্রথাৰ বাবেই দেশত সামাজিক ন্যায় আৰু সমতা স্থাপনৰ উদ্দেশ্যেৰে সংবিধানত সংৰক্ষণ ব্যৱস্থাৰ দৰে নীতি অৱলম্বন কৰিবলগীয়া হৈছিল। বৃত্তিগত আৰু আৰ্থিকভাৱে অতিকৈ নিম্ন স্তৰৰ সম্প্রদায় সমূহকেই সংবিধানত অনুসূচীভুক্ত কৰি সমাজৰ মূল স্তৰৰ লগত সমানে আগবাঢ়ি যাব পৰাকৈ সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে সুবিধা প্ৰদান কৰা হৈছে। স্বাধীনতাৰ পয়সত্তৰ বছৰৰ পাছতো আজিকোপতি জনসংখ্যা অনুপাতে অনুসূচিত জাতিৰ লোকসকলে আশানুৰূপভাৱে কল্যাণ আৰু উন্নয়নৰ মুখ দেখা নাই। গতিকে সংৰক্ষণৰ লগতে সম্পদৰ ওপৰতো অধিকাৰ সাব্যস্ত হ’লেহে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলে আশানুৰূপভাৱে উন্নতিৰ শিখৰলৈ আগবাঢ়িব পাৰিব।চলিত বছৰৰ ২৭ এপ্রিলত এখন সংবাদ মেলৰ জৰিয়তে সাধাৰণ জাতি সুৰক্ষা সন্মিলন আৰু অসমীয়া ব্ৰাহ্মণ সন্মিলনীয়ে জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা বাতিল কৰিবলৈ জনোৱা দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁ কয় যে — “এই দুয়োটা সংগঠনে এনেধৰণৰ সংবিধান বিৰোধী কথা কোৱাৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত। সমাজত অস্পৃশ্যতা আৰু বৈষম্য আজিও বিদ্যমান। কিন্তু, এনেধৰণৰ সংগঠনবোৰে অস্পৃশ্যতা আৰু বৈষম্য দূৰীকৰণৰ বাবে বিশেষ পদক্ষেপ লোৱা দেখা পোৱা নাযায়। সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে কোনো কোনো নিৰ্দিষ্ট ব্যক্তিয়ে আৰ্থিক আৰু ৰাজনৈতিক ভাবে শক্তিশালী হ’লেই সমগ্ৰ অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়ন হোৱা নুবুজায়। অনুসূচিত জাতিৰ বাবে ৭ শতাংশ, জনজাতিৰ বাবে ১৫ শতাংশ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ পৰিৱৰ্তে অবশিষ্ট ৫১ শতাংশ সংৰক্ষণ ব্যৱস্থাই সাধাৰণ শ্ৰেণীৰ বাবে মুকলি হৈ আছে।