উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ মুখ্য আহ্বায়ক ৰমেন দাস আৰু পংকজ কুমাৰ দাসে এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম চাহ নিগমৰ ১২ খন চাহ বাগিচা যথাক্ৰমে চৈকতা,নাগিনীজান, ৰজাবাৰী, চৰাইদেউ, দীপলিং, নেঘেৰিটিং, ৰঙামাটি, দিজুভেলী, লুংচুং, আমলখি, ইচাবিল, লংগাই চাহ বাগিছা অসম চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু বাগিছা কেইখন ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ দাবী কৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত যৌথ সংগ্ৰাম সমিতিয়ে কয় যে, বিজেপি চৰকাৰে চাহ নিগমৰ সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাগিছা সমূহ পুনৰুজ্জীৱিতকৰণৰ কোনো পদক্ষেপেই নললে, আনকি নিগমৰ বাগিছাৰ শ্ৰমিকে শ্ৰম আইন মতে পাব লগা প্ৰাপ্যসমূহো পোৱা নাই, পি এফৰ ধনৰ বাবে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপত ১০০ কোটি টকা পি এফৰ ধন আদায় দিবলৈ বাধ্য হৈছে আৰু এতিয়া এই বৃহৎ অংকৰ অনাদায় ধন আদায় দিয়াৰ পিছত এতিয়া বাগিছা কেইখন ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ কাৰ্যই ব্যক্তিগত চাহ মালিক বা কোম্পানীৰ স্বাৰ্থহে ৰক্ষা কৰিলে, অৰ্থাৎ ১০০ কোটি টকা ৰেহাই দিয়া হ’ল। নিগমৰ বাগিছা লীজত লোৱাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ মালিকে কোনো অনাদায় ধনৰ দায়িত্বই ল’ব নালাগে, পানীৰ দৰত লীজত লোৱাৰ সুবিধা কৰি দিয়া হৈছে। আমাৰ কথা হ’ল যি অজুহাতত নিগমৰ বাগিছা ব্যক্তিগত খণ্ডত দিব বিচাৰিছে, সেই একে যুক্তিতে পি এফৰ ধন আদায় দিবলৈ বাকী থকা ব্যক্তিগত খণ্ডৰ বাগিছা এতিয়া কাক গটাই দিব? সেয়ে শ্ৰমিক সকলক বিপদৰ মুখলৈ ঠেলি দি বাগিছাসমূহ মোটা ধনৰ অংকৰ কমিচনৰ বিনিময়ত লীজত দিয়াৰ সিদ্ধান্ত কোনো যুক্তিত মানিব নোৱাৰি। কাছাৰ জিলাৰ ডলু চাহ বাগিছাত এয়াৰপৰ্ট বনোৱাৰ মিছা কথা কৈ উচ্ছেদ চলোৱা আৰু পিছত বাগিছাখনেই তলাবন্ধ কৰাৰ ঘটনাই ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চাহ শ্ৰমিক প্ৰেমৰ দৃষ্টান্ত স্থাপন কৰিলে, এতিয়া চাহ নিগমৰ বাগিছা লীজত দিয়াৰ ঘটনাই আন এক দৃষ্টান্ত দাঙি ধৰিলে।
বিজ্ঞপ্তিটোত প্ৰকাশ যে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত নাম লিখোৱাৰ কথা কোৱা আৰু চৰকাৰৰ ধনৰ অভাৱ নাই বুলি সততে জাহিৰ কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো নতুন উদ্যোগটো গঢ়িব পৰা নাই, বৰং উদ্যোগ বন্ধ তথা বিক্ৰীৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হবলৈহে প্ৰতিযোগিতাত নমা পৰিলক্ষিত হৈছে।
প্ৰেছ বিজ্ঞপ্তিটোত যৌথ সংগ্ৰাম সমিতিয়ে কয় যে ব্যক্তিগত মালিক বা কোম্পানীৰ বাগিছাই যদি লাভত থাকিব পাৰে, তেন্তে অসম চাহ নিগমৰ বাগিছাসমূহে কিয় লোকচান ভৰিব লগা হৈছে? ইয়াৰ বাবে দিছপুৰীয়া মন্ত্ৰী বিষয়াৰ কমিছনৰাজে জগৰীয়া। প্ৰেছ বিজ্ঞপ্তিটোত লীজত দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি চাহ শ্ৰমিক সকলৰ জীৱন জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে।