সাংস্কৃতিক নগৰী যোৰহাটত ২ ডিচেম্বৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা, যোৰহাটত অসমৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশক দাপোণ প্ৰকাশনৰ দুখনকৈ গ্ৰন্থই পাঠকৰ সমাদৰ লাভ কৰে। বিশিষ্ট গল্পকাৰ সৃষ্টি বকুল বিনীতাৰ “বৰষুণৰ ফুল” আৰু জিতুল বৰাৰ “অসম পৰ্যটনস্থলী” যোৱা ৯ ডিচেম্বৰ তাৰিখে অসম গ্ৰন্থমেলা যোৰহাটত শুভ উন্মোচন হয়। আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষিকা দৰ্শনা বৰঠাকুৰে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন গায়িকা মীনাক্ষী শইকীয়াই বৰগীত পৰিবেশনেৰে আৰম্ভণি কৰা হয় । বৰগীত পৰিবেশনত সহযোগ কৰে খোলবাদ্যত পল্লৱ বৰা আৰু বাঁঁহীত অমৃত শইকীয়াই । বিশিষ্ট সংগঠক তথা অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াই সভাখনি সঞ্চালনা কৰে। সৃষ্টি বকুল বিনিতা আৰু জিতুল বৰাৰ গ্ৰন্থদুখনিৰ উন্মোচকৰূপে উপস্থিত থাকে মৌচাক মামাৰূপে খ্যাত সাহিত্য অকাডেমী বটাঁ বিজয়ী বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামূলী আৰু বিশিষ্ট ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামী। গ্ৰন্থ উন্মোচনী সভাখনি উদ্ধোধন কৰে যোৰহাট জিলা সমগ্ৰ শিক্ষা মিচনৰ আঁচনি বিষয়া পৰশ গোস্বামীয়ে। গ্ৰন্থ উন্মোচক তথা শিক্ষা বিষয়া পৰশ গোস্বামীয়ে উদ্বোধনী ভাষণত কয় যে সৃষ্টি বকুল বিনীতা এক চিনাকি নাম। সেইদৰে যুৱ শিক্ষক জিতুল বৰাও এক জনপ্ৰিয় নাম। আজিৰ এক মহৎ দিন , দুয়োজন লেখকৰে গল্প আৰু পৰ্ষটন ক্ষেত্ৰৰ অতিকৈ প্ৰয়োজনীয় গ্ৰন্থদূখনে অসমীয়া সাহিত্যৰ আজি এক সেউজ দিন বিশেষকৈ সৃষ্টি বকুল বিনিতাৰ যিখন গল্প বৰষুণৰ ফুল সচাঁঁকৈয়ে নামটোৱে যেন কিবা এটা বাৰ্তা দিব গৈছে। সৃষ্টি বকুল বিনীতাৰ “বৰষুণৰ ফুল” আৰু জিতুল বৰাৰ “অসমৰ পৰ্যটনস্থলী” গ্ৰন্থখনৰ শুভ উন্মোচনী সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে যোৰহাটৰ বিশিষ্ট অধিবক্তা তথা যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, বিশিষ্ট কবি তথা যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী গোস্বামী, বিশিষ্ট কবি সমালোচক তথা আবৃত্তিকাৰ শান্তিছায়া শইকীয়া,অসম সত্ৰমহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকা, বিশিষ্ট কবি তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ গীতিমণি হাটীমূৰীয়া, নামতি পিয়লী ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, মৰাণ মহাবিদ্যালয় অধ্যাপক নবীন গগৈ, ডি.চি.বি. কলেজৰ অধ্যাপিকা তথা সাহিত্যিক-সু গায়িকা ড০ অঞ্জলি চুতীয়া শইকীয়া, কবি ৰঞ্জিত গগৈ, কবি নম্ৰতা সোণোৱাল, কবি ৰশ্মি বৈৰাগী আদিকে বহু গৰাকী বিশিষ্ট অতিথিয়ে।
অসম গ্ৰন্থমেলা যোৰহাটত সৃষ্টি বকুল বিনিতাৰ “বৰষুণৰ ফুল” শুভ উন্মোচন
