অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ সাধাৰণ অধিৱেশন সম্পন্ন৷

অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ দশম দ্বিবাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন যোৱা ৯ আৰু ১০ ডিচেম্বৰ তাৰিখে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰ্নাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়৷৯ ডিচেম্বৰ তাৰিখে সন্থাৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি ডাঃ গৌতম কুমাৰ শৰ্মাই আৰু শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক ডাঃ শংকৰজ্যোতি দাসে৷ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গুৱাহাটী সমস্টিৰ বিধায়ক শ্ৰী যুত ৰমেন্দ্ৰ নাৰায়ন কলিতা৷সন্মানীয় বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা,কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতত্ব বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মা আৰু গুৱাহাটী বক্ষ আৰু স্নায়ুশল্য চিকিৎসালয়ৰ সঞ্চালক অধ্যাপক ডাঃ বসন্ত কুমাৰ বৈশ্যই৷ এই সভাতে ডাঃ জ্যোতিৰ্ময় চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৰনিকা খন উন্মোচন কৰে বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷এই সভাখনতে সন্থাই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা “ডাঃ বাবুল কলিতা সোৱৰণী উৎকৃষ্ট সেৱা বটা” অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ মহেন্দ্ৰমোহন শৰ্মাক প্ৰদান কৰা হয়৷ সভাখনৰ আত ধৰে বিশাল প্ৰিয়ম ডেকাই৷
উক্ত দিনাই চিকিৎসা গৱেষনা সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হয়৷কৰ্মশালাখন মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃপ্ৰনৱজ্যোতি বৈশ্যই৷ সমল ব্যক্তি হিচাপে উপস্থিত থাকে অধ্যাপক ডাঃ বসন্ত কুমাৰ বৈশ্য,অধ্যাপক ডাঃ পংকজ কুমাৰ বৰ্মন,অধ্যাপক ডাঃ অনুপ বৈশ্য,অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ স্বপন কুমাৰ চক্ৰৱৰ্তী,ডাঃ গৌতম কুমাৰ শৰ্মা আৰু ডাঃ দিলীপ কুমাৰ গোস্বামী৷
সন্ধিয়া সতীৰ্থ সকলৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷
১০ ডিচেম্বৰ তাৰিখে সন্থাৰ বিষয় বাছনি সভা অনুষ্ঠিত হয় আৰু পৰৱৰ্তী কাৰ্য্যকালৰ বাবে ডাঃ গৌতম কুমাৰ শৰ্মাক সভাপতি,ডাঃ বুৰহানউদ্দিন চৌধুৰীক কাৰ্য্যকৰী সভাপতি,ডাঃধ্ৰুৱলোচন নাথ আৰু ডাঃ ৰতন কুমাৰ দাসক উপসভাপতি,ডাঃ শংকৰজ্যোতি দাস সাধাৰণ সম্পাদক ,ডাঃ মন্টু দাস,ডাঃ যদুমনি বৰা সহকাৰী সাধাৰণ সম্পাদক,ডাঃ সুজিত জ্যোতি শাণ্ডিল্য,ডাঃ ৰাজু কুমাৰ দাস,ডাঃ জামাল আহমেদ চৌধুৰী,ডাঃ আছাডউল্লাহ সাংগনিক সম্পাদক,ডাঃ কৰৱী হাজৰিকা চৌধুৰী,ডাঃ ধীৰাজ কুমাৰ পাঠক প্ৰচাৰ সম্পাদক,ডাঃ জ্যোতিৰ্ময় চৌধুৰী আলোচনী সম্পাদক,ডাঃ অনিমেষ শৰ্মা,ডাঃ মলয় কুমাৰ ৰায়,ডাঃ দিলীপ গগৈ,ডাঃ নিবাৰন দলে,ডাঃ চেমিম ইছলাম কাৰ্য্যনিৰ্বাহক সদস্য ৰূপে নিৰ্বাচিত হয়৷
সন্থাৰ সদস্যসকলে সম্মুখীন হোৱা বিভিন্ন সমস্যা সমুহ বিতংভাৱে আলোচনা কৰা হয় আৰু চিকিৎসাসেৱা অধিক জনমূখী কৰিবলৈ বিভিন্ন বক্তাই মন্তব্য কৰে৷ সন্থাৰ সদস্য সকলৰ বিভিন্ন দাবীসমুহ সোনকালে সমাধান কৰিব লৈ নতুন সমিতিয়ে চৰকাৰক অধিক ফলপ্ৰসু কাৰ্য্যব্যৱস্থা লবলৈ দাবী জনাই আৰু সন্থাৰ ভৱিষ্যত কাৰ্য্যপন্থা নিৰুপন কৰিবলৈ বিস্তৃতভাৱে আলোচনা কৰা হয়৷
উল্লেখযোগ্য যে এই অধিৱেশৱতে আডছাৰ পতাকা,প্ৰতীক আৰু সংশোধিত সংবিধান গৃহীত কৰা হয়৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *