অষ্ট্ৰেলিয়াৰ দক্ষতা আৰু প্ৰশিক্ষণ মন্ত্ৰী ব্ৰেণ্ডন অ’কনৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নতুন দিল্লীৰ চৰকাৰী আইটিআই পুচা পৰিদৰ্শন কৰে, য’ত তেখেতে দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰণালয়, ডাইৰেক্টৰ জেনেৰেল (প্ৰশিক্ষণ) আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰে। এই প্ৰতিনিধি দলটোৱে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে উৎকৃষ্ট প্ৰশিক্ষণ আন্তঃগাঁথনি আৰু উচ্চ-স্তৰৰ সঁজুলিসঁজুলিসমূহ পৰ্যবেক্ষণ কৰে।
মন্ত্ৰীজনৰ এই ভ্ৰমণ এনে এক সময়ত হৈছে যি সময়ত ভাৰত আৰু অষ্ট্ৰেলিয়াই এক দক্ষ আৰু আত্মনিৰ্ভৰশীল কৰ্মশক্তি গঢ়ি তুলিবলৈ এক শক্তিশালী শিক্ষা আৰু দক্ষতা বিকাশৰ অংশীদাৰীত্ব গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে যে এই ব্যাপক কৌশলগত অংশীদাৰীত্বই দুয়ো দেশৰ লগতে সমগ্ৰ বিশ্বকে লাভান্বিত কৰে।
আইটিআই পুছাই চাৰ্ভিছ ট্ৰেড(সেৱা ব্যৱসায়) অন্তৰ্ভুক্তি আৰু উদ্যোগ ৪.০ ব্যৱসায় শুভাৰম্ভ কৰি অন্য এক মাত্ৰা লাভ কৰিছে। যাৰ ফলত ই দিল্লীত দক্ষতা বিকাশৰ বাবে এক জনপ্ৰিয় গন্তব্য স্থলী হৈ পৰিছে। অধ্যক্ষ বিজয় কুমাৰৰ নিষ্ঠা আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলশ্ৰতিত উচ্চ প্লেচমেণ্ট হাৰ আৰু উৎকৃষ্ট উদ্যোগীকৰণৰ নিৰ্দেশনা লাভ কৰিছে, যাৰ ফলত আইটিআই পুছা এক প্ৰধান প্ৰতিষ্ঠান হৈ পৰিছে। এই বিষয়ে এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, “অষ্ট্ৰেলিয়াৰ সন্মানীয় দক্ষতা আৰু প্ৰশিক্ষণ মন্ত্ৰী তথা তেখেতৰ লগত অহা প্ৰতিনিধি দলৰ শেহতীয়া ভ্ৰমণে ভাৰতত আইটিআই দক্ষতাৰ বিস্তৃত প্ৰভাৱ আৰু পৰিসৰৰ বিষয়ে গভীৰ বুজাবুজি প্ৰদান কৰিলে।”