২০২৩ৰ ২৭ আগষ্ট দেওবাৰে হায়দৰাবাদ মাৰাথনত ১০০৫ৰো অধিক অপ্টাম কৰ্মচাৰীয়ে অংশ ল’লে। অপ্টামৰ দলটোত ৮৪১ জন পুৰুষ আৰু ১৬৪ গৰাকী মহিলা দৌৰবিদে অংশগ্ৰহণ কৰিছিল, যিয়ে ৪২ কিলোমিটাৰ সম্পূৰ্ণ মাৰাথন, ২১ কিলোমিটাৰৰ হাফ মাৰাথন, ১০ আৰু ৫ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
অপটমৰ লাইভ ৱেল কাৰ্যসূচীয়ে কৰ্মচাৰীসকলক নিজৰ ফিটনেছ যাত্ৰাত সহায় কৰাৰ লগতে পুষ্টি, ফিটনেছ আৰু প্ৰশিক্ষণৰ ওপৰত বিশেষজ্ঞসকলৰ নিৰ্দেশনা প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ২০২৩ চনৰ ৬ আগষ্টত এক প্ৰেকটিছ ৰান(অনুশীলন দৌৰ)ৰ পৃষ্ঠপোষকতাও কৰিছিল।
কৰ্মচাৰীসকলৰ অংশগ্ৰহণৰ বিষয়ে মন্তব্য কৰি অপ্টাম গ্ল’বেল ছল্যুচনৰ মেনেজিং ডাইৰেক্টৰ উমা ৰত্নম কৃষ্ণনে কয় যে: “আমি আশা কৰোঁ যে অহা বৰ্ষতো আমি পুনৰ এনে কাৰ্যসূচীৰ আয়োজন কৰিব পাৰিম আৰু অহাবাৰ ইয়াতকৈ অধিক কৰ্মচাৰীয়ে এই দৌৰত অংশগ্ৰহণ কৰিব। লগতে সমূহীয়াভাৱে নিজৰ যত্ন, সংযোগ স্থাপন আৰু বিকাশৰ আমাৰ যাত্ৰা অব্যাহত ৰাখিম।”