খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন

59

বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক সমীন বৈশ্যই বাৰাদি মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত ১৩৭ নং বাৰাদি বালক প্ৰাথমিক বিদ্যালয়, ৪৪৪ নং পলাশৰতল প্ৰাথমিক বিদ্যালয় আৰু ১৪৭৫ নং দক্ষিণ পশ্চিম ভেৰালদি প্ৰাথমিক বিদ্যালয়ৰ পাঠদান কাৰ্য আৰু বিদ্যালয় আন্ত: গাঁথনি আদি পৰিদৰ্শন কৰে।

বিদ্যালয় সমুহৰ শৈক্ষিক ব্যৱস্থা,আন্তঃ গাঁথনি ,মধ্যাহ্ন ভোজন আদি আন আন দিশবোৰ সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উপৰি সহঃ শিক্ষক-শিক্ষয়িত্ৰীসকলক গঠনমূলক পৰামৰ্শ আগবঢ়ায় ৷ বৰপেটা খন্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়ত মাতৃভাষাত পাঠদান কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ লগত বিদ্যালয়ৰ চৌহদত কথোপকথনৰ ক্ষেত্রত কাৰো স’তে আপোচ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

শৈক্ষিক দিশত এফ,এল,এন সামগ্ৰীৰ সদ ব্যৱহাৰ কৰিবলৈ প্ৰতি গৰাকী শিক্ষকক পৰামৰ্শ দিয়ে। খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগত বৰপেটা শিক্ষাখন্ডৰ অধীনস্থ বাৰাদি মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কনজিৎ কুমাৰ দাসো উপস্থিত আছিল ৷