কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ, বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য’তে-ত’তে পানী জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি হয়।যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। মানুহে প্ৰায়ে মহৰ পৰা বাচিবলৈ আঠুৱা তথা বিভিন্ন মহ মৰা ঔষধ ব্যৱহাৰ কৰে। কিন্তু ৰাসায়নিক পদাৰ্থযুক্ত মহ মৰা ঔষধসমূহ স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক।

ৰাসায়নিক পদাৰ্থযুক্ত স্প্ৰে ব্যৱহাৰৰ ফলত পৰিৱেশৰো অভাৱনীয় ক্ষতি হয়। কিন্তু, কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে এই প্ৰাকৃতিক স্প্ৰে ঘৰতে তৈয়াৰ কৰিব পাৰি, জানো আহক- লেভেণ্ডাৰ তেল মহক প্ৰতিহত কৰাৰ এক উৎকৃষ্ট প্ৰাকৃতিক উপায়। ইয়াৰ বাবে ১০ টোপাল লেভেণ্ডাৰ তেল আৰু ৬০ মিলি লিটাৰ পানীৰ প্ৰয়োজন। এইসমূহ একেলগে মিহলি কৰি আপুনি মহ মৰা স্প্ৰে প্ৰস্তুত কৰিব পাৰে।মহ প্ৰতিৰোধ কৰাত লং তেলো কাৰ্যকৰী।

ইয়াক প্ৰস্তুত কৰিবলৈ ১০ টোপাল লং তেল আৰু ৬ মিলি পানীৰ প্ৰয়োজন। মহৰ প্ৰকোপ বাঢ়িলে এই মিশ্ৰণটো স্প্ৰে হিচাপে ব্যৱহাৰ কৰিব। যিয়ে আপোনাৰ ঘৰলৈ সতেজতা অনাৰ লগতে মহৰ পৰা সুৰক্ষা দিয়াটো আপোনাক সহায় কৰিব।স্প্ৰে কৰাৰ উপৰিও আপুনি কিছুমান উদ্ভিদ ঘৰলৈ আনি মহৰ সৈতে যুঁজ দিব পাৰে। আপোনাৰ ঘৰৰ চাৰিওফালে তুলসী, পুদিনা আৰু চিট্ৰনলাৰ দৰে উদ্ভিদ ৰোপণ কৰিলেও মহ প্ৰতিহত কৰাত সহায় কৰিব পাৰে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *