য়ামাহা মটৰে স্মাইল ফাউণ্ডেচনৰ সহযোগিতাৰে ৬৯ তম বাৰ্ষিকী উদযাপন কৰে

107

য়ামাহা মটৰ কোম্পানী লিমিটেডে(ৱাইএমচি) শেহতীয়াকৈ উদযাপন কৰিলে ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস উদযাপনে বছৰ বছৰ ধৰি অভিনৱ বাহনৰ জৰিয়তে বিশুদ্ধ মটৰ চাইকেল চলোৱাৰ আনন্দক উজ্জ্বল কৰি তুলিছে। ইণ্ডিয়া য়ামাহা মটৰে(আই ৱাই এম) স্মাইল ফাউণ্ডেচনৰ সহযোগত ৫০০ৰো অধিক দৰিদ্ৰ শিশুক উপকৃত কৰিব পৰা এক উৎসাহজনক-ইতিবাচক পদক্ষেপৰ সৈতে ব্লু ষ্ট্ৰীকছ ৰাইডিং সম্প্ৰদায়ক জড়িত কৰিছে।

ব্লু ষ্ট্ৰিকছৰ ৰাইডাৰসকলে ১২খন চহৰৰ এনজিঅ’ইপৰিচালনা কৰা বিদ্যালয়সমূহ পৰিদৰ্শন কৰে, য’ত ৰাইডাৰসকলে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে আৰু বহী, কলম, পেঞ্চিলৰ দৰে প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰী বিতৰণ কৰে। তদুপৰি পথচাৰীৰ নিয়ম, হেলমেট ব্যৱহাৰৰ গুৰুত্ব, ট্ৰেফিক চিগনেলৰ তাত্পৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশুসকলক পথ সুৰক্ষাৰ প্ৰাথমিক পদ্ধতিৰ বিষয়ে সজাগ কৰি তোলাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই পদক্ষেপৰ লক্ষ্য হৈছে শিশুসকলৰ মাজত পথ সুৰক্ষাৰ সজাগতাৰ অনুভূতি গঢ়ি তোলা আৰু এক দায়িত্বশীল আৰু সঠিক ৰূপত অৱগত ভৱিষ্যৎ প্ৰজন্মক তুলি ধৰা।

এই প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত য়ামাহাৰ ডিলাৰ নেটৱৰ্কে য়ামাহা দিৱস ২০২৪ৰ উদযাপনৰ আনন্দ গ্ৰাহকসকলৰ মাজত সম্প্ৰসাৰিত কৰে, গ্ৰাহকসকলৰ অবিৰত সমৰ্থনৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে কেক কাটি এই অনুষ্ঠানৰ বাবে শ্ব’ৰুমলৈ সকলোকে আমন্ত্ৰণ জনায়। ডিলাৰসকলে য়ামাহাৰ উত্তৰাধিকাৰক বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে আৰু ব্ৰেণ্ডটোৰ ৬৯ বছৰীয়া বৰ্ণিল যাত্ৰাত সন্নিৱিষ্ট আইকনিক সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে।