বিশ্ব ধপাত-বিৰোধী দিৱস

63

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুষ্ঠান বিষয়া তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সপ্তম হাজৰিকাৰ পৰিচালনাত বৰপেটা মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে ধপাত সেৱনে শৰীৰৰ বিভিন্ন অংশত কৰ্কট ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে বাবে ধপাত সেৱন মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকৰ এটা বস্তু। চিগাৰেট, বিড়ি, চাধা, গুটখা আদি বিভিন্ন ৰূপত ধপাত সেৱন প্ৰথমে মানুহে নিজকে স্মাৰ্ট দেখুৱাবলৈ চখতে কৰিবলৈ লয় আৰু পিছলৈ ই এৰিব নোৱৰা অভ্যাসত পৰিণত হয়।

উপস্থিত শিক্ষক তথা শিক্ষাৰ্থীসকলক ধপাত সেৱন নকৰা আৰু মহাবিদ্যালয়ৰ চৌহদত স্বাস্থ্যসন্মত পৰিৱেশ ৰক্ষা কৰাৰ শপত গ্ৰহণো কৰোৱায়। সপ্তম হাজৰিকাই কয় যে ধপাতেৰে প্ৰস্তুত কৰা সামগ্ৰীৰ উৎপাদন প্ৰতিষ্ঠানসমূহ বন্ধ কৰাটো ধপাতৰ বিৰুদ্ধে যুঁজাৰ আটাইতকৈ সঠিক উপায়।