১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপ

১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপৰ গ্ৰুপ এ-ত ডিফেণ্ডিং চেম্পিয়ন ভাৰতক চিৰপ্ৰতিদ্বন্দী পাকিস্তান, ইউএই আৰু নেপালৰ সৈতে একত্ৰিত কৰা হৈছে। এই ৯ দিনীয়া প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্ৰহন কৰিব। আঠটা দলক দুটা গ্ৰুপত বিভক্ত কৰা হ’ব। য’ত গ্ৰুপ বি-ত শ্ৰীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়া থাকিব।

প্ৰতিটো গোটৰ শীৰ্ষ দুটা দলে ২৬ জুলাইত ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। ফাইনেলখন ২৮ জুলাইত অনুষ্ঠিত হ’ব। ভাৰত এতিয়ালৈকে সাতটা খিতাপ সহ প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দল। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ২১ জুলাইত অনুষ্ঠিত হ’ব।

এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) সভাপতি জয় শ্বাহে  “মহিলা ক্ৰিকেটৰ বৰ্ধিত জনপ্ৰিয়তা আৰু গুৰুত্ব প্ৰদৰ্শন কৰা দলসমূহৰ মাজত বৰ্ধিত অংশগ্ৰহণ আৰু প্ৰতিযোগিতামূলকতা দেখি আমি উৎসাহিত হৈছো। ২০১৮ চনত ছয়টা দলৰ পৰা ২০২২ চনত সাতটালৈ আৰু এতিয়া আঠটা দললৈ বৃদ্ধি পাইছে।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *