টাটা মটৰ্ছে (টাটা.ইভি) ভাৰতৰ বৈদ্যুতিক বাহন (ইভি) ছেগমেণ্টত অগ্ৰণী ভূমিকা লৈছে, উদ্ভাৱনীমূলক অগ্ৰগতি আৰু বহনক্ষম গতিশীলতাৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে ব্যাপক ব্যৱস্থা গ্ৰহণৰ দিশত ক্ৰমান্বয়ে আগবাঢ়িছে। ২৪ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ত প্ৰতিষ্ঠানটোৱে ৩৭ হাজাৰৰো অধিক ইভি বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যিয়ে বজাৰ পৰিপক্ক বা সময় হোৱাৰ লগে লগে ইভিৰ চাহিদা বৃদ্ধিৰ ইংগিত দিয়ে।
ইভিৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰ সমান্তৰালভাৱে ইভিসমূহে আগবঢ়োৱা আধুনিক সা-সুবিধা আৰু বৰ্ধিত আৰামদায়ক বিকল্পৰ দ্বাৰা পৰিচালিত হৈছে, যাৰ ফলত ইভিসমূহে গ্ৰাহকলৈ এক আকৰ্ষণীয় মূল্যৰ অফাৰ আগবঢ়াইছে। ইভিৰ প্ৰতি মহিলা ক্ৰেতাৰ আগ্ৰহ বৃদ্ধিৰ মূল কাৰকসমূহৰ ভিতৰত আছে ইভি চালনাৰ অভিনৱ বৈশিষ্ট্য আৰু খৰচ-বহনক্ষমতা।টাটা মটৰ্ছৰ ইলেক্ট্ৰিক বাহন ক্ৰয় কৰোতাসকলৰ ১৯% মহিলাই প্ৰথমবাৰৰ বাবে গাড়ী ক্ৰয় কৰিছে, যিয়ে ইলেক্ট্ৰিক মবিলিটী(গতিশীলতা)ৰ দিশত পৰিৱৰ্তনক আঁকোৱালি লোৱা মহিলাসকলৰ মাজত ক্ৰমবৰ্ধমান বজাৰৰ ইংগিত দিয়ে।
মহিলা ক্ৰেতাসকলৰ মাজত এই প্ৰশংসনীয় বজাৰ অংশীদাৰিত্ব লাভ কৰাটোৱে টাটা মটৰ্ছৰ বৈদ্যুতিক বাহনৰ বৈচিত্ৰ্যময় পৰিসৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইভি বিক্ৰীৰ আঞ্চলিক ট্ৰেণ্ডসমূহে দেখুৱাইছে যে সামগ্ৰিক ইভি বিক্ৰীৰ ক্ষেত্ৰত ৩৫% লেনদেনৰে শীৰ্ষস্থানত আছে কেৰালা, তালিকাৰ দ্বিতীয় আছে গোৱা ২৬% আৰু ইয়াৰ ঠিক পিছতে আছে চণ্ডীগড় ২১%। টাটা.ইভিয়ে বহনক্ষম গতিশীলতাৰ ভৱিষ্যতক আগুৱাই লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু মহিলা ক্ৰেতাসকলৰ মাজত নিজৰ বৈদ্যুতিক বাহনৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহ দেখি আনন্দিত হৈছে।