ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল ২০২৫ৰ মেগা নিলামত খেলুৱৈৰ দৰে সৃষ্টি কৰিছিল ইতিহাস। এতিয়া পোহৰলৈ আহিছে আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট। প্ৰকাশ পাইছে প্ৰতিযোগিতাৰ আগন্তুক সংস্কৰণৰ খেলুৱৈ নিলামৰ তাৰিখ। লগতে খেলুৱৈৰ ৰিটেনশ্যন সন্দৰ্ভতো আহিছে এক ডাঙৰ আপডেট।উল্লেখ্য যে আই পি এল ২০২৫ৰ বাবে খেলুৱৈৰ নিলাম চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হৈছিল। ২০২৪ চনৰ ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই মেগা নিলাম।এই নিলাম বিগত ভাৰতত হ’ব নে বিদেশত অনুষ্ঠিত হ’ব, সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই। আগন্তুক সময়তহে এই তথ্য পোহৰলৈ আহিব।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *