কোটি কোটি লোকক মহাকুম্ভ মেলা পোনপটীয়াকৈ দৰ্শনৰ সুবিধাৰ বাবে শ্বেমাৰুৰ সৈতে সহযোগিতা ভি-ৰ

ভি-এ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণীসংগমৰ পৰা পোনপটীয়াকৈ মহাকুম্ভমেলাৰ আধ্যাত্মিক মহানতা অনুভৱ কৰাৰ এক বিশেষ সুযোগ আগবঢ়াইছে। ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৪০ কোটিৰো অধিক তীৰ্থযাত্ৰী উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ভি মুভিজ এণ্ড টিভি এপ আৰু ভি এপত শ্বাহীস্নান, আখাৰা শোভাযাত্ৰা আৰু গংগা আৰতিৰ দৰে মূল অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং প্ৰদান কৰিবলৈ ভি-এ শ্বেমাৰুৰ সৈতে অংশীদাৰিত্ব কৰিছে। ভি-ৰ গ্ৰাহকে মকৰ সংক্ৰান্তি (১৪ জানুৱাৰী)ৰ শ্বাহীস্নান, মৌনি অমাৱস্যা(২৯ জানুৱাৰী) আৰু মহাশিৱৰাত্ৰি(২৬ ফেব্ৰুৱাৰী)ৰ লগতে লোকসংগীত, ভক্তিমূলক গীত আৰু আঁৰৰ দৃশ্যসমূহৰ দৰে উল্লেখযোগ্য মুহূৰ্তৰ বাস্তৱ সময়ৰ কভাৰেজ উপভোগ কৰিব পাৰিব। আধ্যাত্মিক নেতাৰ সৈতে সাক্ষাৎকাৰ আৰু প্ৰথমবাৰৰ বাবে অহা লোকৰ অনুভৱসমূহো পোনপটীয়াকৈ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।


এই পদক্ষেপে ভিৰ এনে বৃহৎ পৰিসৰৰ অনুষ্ঠানসমূহ সকলোৰে বাবে সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপৰ কথাকে সূচায়, শেহতীয়াভাৱে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহত অ’টিটি দৰ্শকৰ সংখ্যা ৬০% বৃদ্ধি পাইছে। শেহতীয়াকৈ ৪৬,০০০ নতুন স্থানত উন্নীত কৰা ভি-ৰ ৪জি নেটৱৰ্কে সমগ্ৰ ভাৰতৰ ব্যৱহাৰকাৰীসকলৰ বাবে এক উচ্চ মানদণ্ডৰ ষ্ট্ৰীমিং অভিজ্ঞতা নিশ্চিত কৰে।


অসমতো স্থানীয় আৰু আধ্যাত্মিক সমলৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু এই লাইভ ষ্ট্ৰীমিং সেৱাই ৰাজ্যখনৰ স্পন্দনশীল, প্ৰযুক্তি-সচেতন জনসাধাৰণৰ চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে। উন্নত ৪জি সংযোগৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ ব্যৱহাৰকাৰীসকলে এতিয়া যিকোনো সময়তে আৰু যিকোনো ঠাইতে মহা কুম্ভমেলাৰ লাইভ কভাৰেজ(পোনপটীয়া সম্প্ৰচাৰ) দৰ্শন কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *