ভাৰতৰ পৰা ১,৭৫,০০০ৰো অধিক হজযাত্ৰীয়ে চলিত বৰ্ষত ছৌদি আৰৱত হজযাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি(ভোডাফোন আইডিয়াই)-এ উদ্যোগৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰোমিং(আইআৰ) পেক মুকলি কৰিছে, এই বিশেষ পেকসমূহে ভ্ৰমণকাৰীসকলক নিজৰ নিজৰ আধ্যাত্মিক যাত্ৰাৰ সময়ত নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি ৰাখিবলৈ ডিজাইন কৰা হৈছে। মাত্ৰ ১,১৯৯ টকাৰ পৰা আৰম্ভ হোৱা এই বিশেষ পেকসমূহে সীমাহীন ইনকামিং কল, ইণ্টাৰনেট ডাটা কোটা, বিনামূলীয়া আউটগয়িং মিনিট আৰু এছএমএছৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত তীৰ্থযাত্ৰীসকলে ব্যয়বহুল ৰোমিং চাৰ্জৰ চিন্তা নকৰাকৈ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগত থাকিব পাৰিব।
গাল্ফ(উপসাগৰীয়) অঞ্চলৰ বাবে ভি-ৰ আইআৰ পেকসমূহত ২০ আৰু ৪০ দিনৰ নমনীয় বৈধতা বিকল্প আছে, বিভিন্ন ভ্ৰমণৰ সময়সীমাৰ বাবে আগবঢ়োৱা হৈছে এই অফাৰ। প্ৰিপেইড গ্ৰাহকৰ বাবে ১১৯৯ টকীয়া পেকত ২ জিবি ডাটা, ১৫০ মিনিটৰ আউটগয়িং কল আৰু ২০ দিনৰ বাবে প্ৰতি এছএমএছত ১৫ টকাত আগবঢ়োৱা হৈছে। পোষ্টপেইড বিকল্পত আছে ৪ জিবি ডাটা, ৫০০ মিনিটৰ আউটগয়িং কল আৰু ২৫০০ টকাত বিনামূলীয়া ইনকামিং এছএমএছ। ইয়াৰ উপৰিও ৩ দিনৰ বাবে ৪৯৫ টকাৰ পৰা আৰম্ভ হোৱা হ্ৰস্ব ভ্ৰমণৰ বাবেও সুলভ মূল্যৰ আইআৰ বিকল্প আছে, ১ দিনৰ বাবে ৭৪৯ টকাৰ মূল্য, যি প্ৰকৃতাৰ্থত আনলিমিটেড পেক।
গুৱাহাটীবাসীৰ বাবে ভি-ৰ আইআৰ পেকে বিদেশ ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকলৰ বাবে এক উৎকৃষ্ট সমাধান প্ৰদান কৰিছে, এই গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠানৰ সময়ত তীৰ্থযাত্ৰীসকলে নিজৰ আপোনজনৰ সৈতে সংযুক্ত হৈ থকাটো নিশ্চিত কৰিছে। অসমৰ লোকসকলে ছৌদি আৰৱৰ পবিত্ৰ স্থানসমূহ ভ্ৰমণৰ সময়ত যোগাযোগত থাকিবলৈ এই সুলভ আৰু শক্তিশালী পৰিকল্পনাসমূহৰ সুবিধা ল’ব পাৰে।