ভিয়ে আৰম্ভ কৰিছে বৰ্ধিত ৰেডএক্স প্লেন; পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে একত্ৰিত কৰিছে নেটফ্লিক্স আৰু প্ৰিমিয়াম লাভালাভ

140

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে নিজৰ পোষ্টপেইড গ্ৰাহকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বৰ্ধিত ৰেডএক্স প্লেন মুকলি কৰিছে, এই প্লেনৰ জৰিয়তে প্ৰিমিয়াম পোষ্টপেইড অভিজ্ঞতাক একচেটিয়া সুবিধাৰ পৰিসৰৰ সৈতে উন্নীত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। ১২০১ টকা মূল্যৰ এই নতুন প্লেনে মনোৰঞ্জন, খাদ্য, ভ্ৰমণ, নিৰাপত্তা আৰু অগ্ৰাধিকাৰ গ্ৰাহক সেৱাক এটা বিস্তৃত পেকেজৰ অধীনত একত্ৰিত কৰি তুলিছে। নতুন ৰেডএক্স প্লেনৰ আকৰ্ষণীয় দিশটো হ’ল নেটফ্লিক্সৰ সৈতে ভিৰ অংশীদাৰিত্ব, যিয়ে গ্ৰাহকসকলক মোবাইল ডিভাইচ আৰু টেলিভিছন দুয়োটা ক্ষেত্ৰৰে জনপ্ৰিয় ষ্ট্ৰীমিং সেৱাৰ নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰে।

নেটফ্লিক্স ব্যৱহাৰকাৰীসকলে এমাজন প্ৰাইম, ডিজনী+ হটষ্টাৰ, চনী লিভ আৰু ছান এনএক্সটিৰ কণ্টেণ্টসমূহ উপভোগ কৰিব পাৰিব আৰু মনোৰঞ্জনৰ অনুৰাগীসকলৰ বাবে এক বহুমুখী পছন্দৰ বিকল্প প্ৰদান কৰিব। কেৱল মনোৰঞ্জনেই নহয় ভিৰ ৰেডএক্স প্লেনত ছমাহৰ ছুইগীৰ ছাবস্ক্ৰিপচনো অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াত খাদ্য আৰু ইনষ্টামাৰ্টৰ অৰ্ডাৰত বিনামূলীয়া ডেলিভাৰী প্ৰদান কৰাৰ লগতে ছুইগী ডাইনআউট আৰু জেনি সেৱাত ৰেহাই প্ৰদান কৰা হৈছে। ভ্ৰমণকাৰীসকলৰ বাবে আছে ২৯৯৯ টকীয়া প্লেন, এই পেকত বছৰি ৭ দিনৰ আন্তঃৰাষ্ট্ৰীয় ৰোমিং সুবিধা লাভ কৰিব, ইয়াত বছৰত চাৰিবাৰলৈকে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লাউঞ্জ ব্যৱহাৰৰ সুবিধা আছে। ইজমাইট্ৰিপৰ জৰিয়তেও গ্ৰাহকসকলে বিমানৰ বুকিঙত একচেটিয়া ৰেহাইৰ সুবিধা লাভ কৰিব।

নিৰাপত্তাৰ প্ৰতি সচেতন গ্ৰাহকসকলে ১২ মাহৰ বাবে বিনামূলীয়া নৰ্টন মোবাইল চিকিউৰিটী চাবস্ক্ৰিপচনৰ সুবিধা ল’ব পাৰিব, যাৰ ফলত এইসকল ব্যক্তিৰ ডিভাইচসমূহ সুৰক্ষিত হৈ থকাটো নিশ্চিত হ’ব। ভি পোষ্টপেইড ব্যৱহাৰকাৰীসকলে ভি ষ্ট’ৰত অগ্ৰাধিকাৰ প্ৰাপ্তি আৰু সৰ্বশ্ৰেষ্ঠ কল চেণ্টাৰ এজেণ্টৰ সমৰ্পিত সমৰ্থনৰ জৰিয়তে দ্ৰুত প্ৰশ্নৰ সমিধান নিশ্চিত কৰি বৰ্ধিত গ্ৰাহক সেৱাৰ আশা কৰিব পাৰে। ভি-ৰ বৰ্ধিত ৰেডএক্স প্লেন মুকলিৰ লগে লগে গুৱাহাটী বজাৰত এই সুবিধা অনুৰণিত হ’ব বুলি আশা কৰা হৈছে, কিয়নো এই প্লেনৰ জৰিয়তে গ্ৰাহকসকলক প্ৰিমিয়াম সেৱা আৰু ব্যাপক লাভালাভৰ এক আকৰ্ষণীয় মিশ্ৰণ প্ৰদান কৰে, যাতে আধুনিক জীৱনশৈলীৰ বিকশিত প্ৰয়োজনীয়তাসমূহ পূৰণ হয়।