এই ট্ৰেভেল ছিজনত ভিআইয়ে মুকলি কৰিছে ভিআই ইণ্টাৰনেচনেল ৰোমিং

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে  ভ্ৰমণৰ বতৰত গ্ৰাহকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অধিক সুলভ আৰু উপভোগ্য কৰি তুলিবলৈ এক আন্তঃৰাষ্ট্ৰীয় ৰোমিং কেম্পেইন আৰম্ভ কৰিছে, য’ত বিদেশ ভ্ৰমণৰ সময়ত আনলিমিটেড বিনামূলীয়া ইনকামিং প্ৰদান কৰা হৈছে। ভিআইৰ ট্ৰুলী আনলিমিটেড ইণ্টাৰনেচনেল ৰোমিং প্লেনে এই ট্ৰেভেল ছিজনত বিদেশ ভ্ৰমণ কৰা গ্ৰাহকসকলৰ বাবে আনলিমিটেড ডাটা আৰু ভইচ কলিং (আউটগয়িং) আগবঢ়াইছে।

ভিআইয়ে ১৩৩ টকা/দিনৰ প্ৰাৰম্ভিক মূল্যত ১০০+ দেশত বিনামূলীয়া ইনকামিং কলৰ সৈতে বাজেট-অনুকূল ইণ্টাৰনেচনেল ৰোমিং প্লেন আগবঢ়াইছে, যি ৩৯৯৯/- টকাৰ ইণ্টাৰনেচনেল ৰোমিং আনলিমিটেড পেকত প্ৰযোজ্য। ভাৰতীয় গ্ৰাহকসকলক আনলিমিটেড ডাটা আৰু কলৰ সুবিধা প্ৰদান কৰি ভিআইয়ে মালদ্বীপক নিজৰ গন্তব্যস্থানৰ তালিকাত যোগ কৰিছে। ব্যৱহাৰকাৰীসকলে এতিয়া আমেৰিকা যুক্তৰাজ্য, গ্ৰেট ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ইটালী, মালয়েছিয়া, জাৰ্মানী, ছিংগাপুৰ, ব্ৰাজিলৰ লগতে মুঠ ১০৫খন দেশৰ জনপ্ৰিয় গ্লবেল ডেষ্টিনেচনসমূহ অন্বেষণ কৰাৰ লগতে নিৰৱচ্ছিন্ন ভইচ কল আৰু ডাটা উপভোগ কৰিব পাৰে।

মালদ্বীপ পেক উপলব্ধ এতিয়া মাত্ৰ ২৯৯৯ টকাত, য’ত ১০০ মিনিটৰ আউটগয়িং আৰু ইনকামিং কল, ৫জিবি ডাটা, ১০টা আউটগয়িং এছএমএছ, আৰু বিনামূলীয়া ইনকামিং এছএমএছৰ সুবিধা থাকিব, যিসমূহৰ ১০ দিনৰ বৈধতা থাকিব, লগতে ডাটা আৰু এছএমএছৰ বাবে পোষ্ট কোটা ৰেটৰ সৈতে গ্ৰাহকে লাভ আদায় কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *