কলিং অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অনৰিটছুৰ সৈতে অংশীদাৰিত্ব ভিআইৰ

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে দেশৰ ভিঅ’এলটিই (ভইচ অভাৰ এলটিই)ত গ্ৰাহকসকলৰ বাবে কলিং অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অনৰিটছুৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভইচ সেৱাৰ মানদণ্ড উন্নত কৰা আৰু সামগ্ৰিক গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰা। ভিআইয়ে অনৰিটছুৰ পৰা এক ভিঅ’এলটিই মনিটৰিং সমাধান ৰূপায়ণ কৰিছে, যাৰ সহায়ত গ্ৰাহকসকল দ্ৰুত কল কানেক্টিভিটী(ফোন সংযোগ) আৰু স্ফটিকৰ দৰে স্পষ্ট শব্দৰ মানদণ্ড লাভ কৰে। এই সমাধানে ভিঅ’এলটিই সেৱাৰ সমস্যাবোৰ দ্ৰুততাৰে চিনাক্ত আৰু সীমা নিৰ্ধাৰণ কৰি দক্ষতা উন্নত কৰে।

ই ভিঅ’এলটিই সেৱা-নিৰ্দিষ্ট অন্তৰ্দৃষ্টিৰ এটা উন্নত দৃশ্যও প্ৰদান কৰে আৰু লগতে গ্ৰাহকৰ প্ৰভাৱ আৰু গুৰুত্বৰ ওপৰত ভিত্তি কৰি সমাধানক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে। অনৰিটছুৱে সকলো ভিঅ’এলটিই মাত্ৰাত উন্নত দৃশ্যমানতা প্ৰদান কৰে, যাৰ ফলত গ্ৰাহক-প্ৰভাৱিত সমস্যাবোৰৰ দ্ৰুত চিনাক্তকৰণ আৰু সমাধান সক্ষম হয়। এই বিষয়ে ভিআইৰ মুখ্য প্ৰযুক্তি বিষয়া জগবীৰ সিঙে কয় যে, “আমাৰ সমগ্ৰ ভিঅ’এলটিই সেৱাসমূহত বাস্তৱ সময়ৰ বিসংগতি ধৰা পেলোৱাৰ ফলত আমি গ্ৰাহকক প্ৰভাৱিত কৰা সমস্যাসমূহ সক্ৰিয়ভাৱে চিনাক্তকৰণ, পৃথক আৰু নিৰ্ণয় কৰি নিদানৰ ব্যৱস্থা কৰিব পাৰো।

এই সমাধান আমাৰ অপাৰেচন দলে ব্যাপকভাৱে অহৰহ গ্ৰহণ কৰিছে আৰু আমাৰ গ্ৰাহকৰ ভিঅ’এলটিই অভিজ্ঞতা যথেষ্ট পৰিমাণে উন্নত কৰিছে। অনৰিটছুৰ সৈতে এই অংশীদাৰিত্বই আমাৰ গ্ৰাহকসকলক ব্যতিক্ৰমী সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে আমি আন্তঃৰাষ্ট্ৰীয় ৰোমিঙৰ দৰে অন্যান্য সেৱাসমূহ বৃদ্ধিৰ বাবে সফল পদ্ধতি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ’ম।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *