ভি বিজনেছে কৰ্পোৰেট পোষ্ট-পেইড আঁচনিৰ অধীনত ইজি+ এক নতুন অভিনৱ প্ৰস্তাৱ আৰম্ভ কৰিছে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে কৰ্পৰেট পোষ্ট-পেইড আঁচনিৰ অধীনত এক নতুন অভিনৱ অফাৰ ইজি+মুকলি কৰিছে, এই নতুন অফাৰৰ জৰিয়তে গ্ৰাহকসকলক নিজৰ বিদ্যমান কৰ্পোৰেট প্লেনত নিজৰ ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে আন্তৰ্জাতিক ৰোমিং, অ’টিটি চাবস্ক্ৰিপচন আৰু অন্যান্য বহুতো সেৱা বাছনি আৰু ক্ৰয়ৰ বিকল্প প্ৰদান কৰিছে। এই সেৱাটো ভি এপ ডাউনলোড কৰি লাভ কৰিব পাৰিব।

এই ধৰণৰ প্ৰথমটো অফাৰে কৰ্মচাৰীসকলক নিজৰ কৰ্পোৰেট পোষ্ট-পেইড প্লেনত নিজৰ নিজৰ পচন্দৰ সেৱা ক্ৰয় কৰাটো নিৰৱচ্ছিন্ন কৰি এক সৰলীকৃত পদ্ধতি প্ৰৱৰ্তন কৰিছে যিয়ে সামগ্ৰিক গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰিব। এণ্টাৰপ্ৰাইজ মবিলিটি বিজনেছ এণ্ড মাৰ্কেটিং শাখাৰ কাৰ্যবাহী উপাধ্যক্ষ ৰয়েৰিছ কৌশলে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে,” ইজি + ৰ জৰিয়তে, ভি বিজনেছে কৰ্মচাৰীসকলক নিজৰ ব্যক্তিগত প্ৰয়োজনৰ বাবে সেৱা বাছনি আৰু ক্ৰয় কৰাৰ নমনীয়তা প্ৰদান কৰি কৰ্পৰেট পোষ্টপেইড পৰিকল্পনাৰ অভিজ্ঞতাক ৰূপান্তৰিত কৰাৰ নেতৃত্ব প্ৰদান কৰিছে।

আগন্তুক বন্ধৰ সময়ছোৱাত আমাৰ গ্ৰাহকসকলে আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেকৰ বাবে ইজি + ব্যৱহাৰ কৰি নিজৰ কৰ্পোৰেট পোষ্ট-পেইড প্লেনত আগবঢ়োৱা সহজতা আৰু সুবিধাসমূহ উপভোগ কৰিবলৈ আগ্ৰহী।” ভি বিজনেছৰ ইজি + অফাৰৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ৰোমিং, অ’টিটি চাবস্ক্ৰিপচন, গিফটিং বৈশিষ্ট্যসমূহ আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *