ভাৰতীয় এমএছএমইৰ বাবে ডিজিটেল উন্নতি অব্যাহত ৰখাৰ বাবে ভি বিজনেছ আৰু পেইউৰ অংশীদাৰিত্ব

105

দেশৰ এমএছএমই সমূহৰ মাজত ডিজিটেল বৃদ্ধিৰ গতি ত্বৰান্বিত কৰাৰ বাবে ভিৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে ডিজিটেল বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান পেইউৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই কৌশলগত সহযোগিতাৰ উদ্দেশ্য হৈছে বিশেষভাৱে প্ৰস্তুত কৰা ডিজিটেল পেমেণ্ট সমাধানৰ জৰিয়তে নিজৰ সামগ্ৰিক ডিজিটেল সামৰ্থ্য বৃদ্ধি কৰি এমএছএমইসমূহক শক্তিশালী কৰা। এই অংশীদাৰিত্বই ফিনটেক আৰু ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত পেইউৰ দক্ষত আৰু ভি বিজনেছৰ বিস্তৃত ডিজিটেল ৰূপান্তৰ সমাধানৰ লাভ আদায় কৰিব পাৰে। এই সহযোগিতাৰ জৰিয়তে লাভ কৰিব লগা অন্যতম প্ৰধান সুবিধাসমূহৰ ভিতৰত আছে উদ্ভাৱনীমূলক পেমেণ্ট সমাধান, এক বেচপক অফাৰ ইঞ্জিন, বাই নাও পে লেটাৰ (বিএনপিএল) বিকল্প আৰু এমএছএমইৰ বাবে ব্যৱসায়িক কাৰ্য-কলাপ সুশৃংখলিত কৰিবলৈ ডিজাইন কৰা নিৰৱচ্ছিন্ন হোৱাটছএপ সেৱা(ইণ্টিগ্ৰেচন)।

ৰেডীফৰনেক্সটৰ পদক্ষেপৰ অধীনত ভি বিজনেছে ৰেহাই মূল্যত একচেটিয়া উৎপাদনশীলতা আৰু সহযোগিতামূলক সঁজুলি আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে গুগল ৱৰ্কস্পেছ, লোকেচন অনুসৰণ, ব্যক্তিগত ক্লাউড ষ্টোৰেজ আৰু মোবাইল সুৰক্ষা সমাধান, যিয়ে এমএছএমইসমূহক নিজৰ ডিজিটেল কৰ্মক্ষেত্ৰ দক্ষতাৰে পৰিচালনা কৰিবলৈ সক্ষম কৰি তোলে। ভোডাফোন-আইডিয়াৰ মুখ্য এণ্টাৰপ্ৰাইজ ব্যৱসায়িক বিষয়া অৰবিন্দ নেভাটিয়াই এই বিষয়ে কয় যে, “পেইউৰ সৈতে আমাৰ এই অংশীদাৰিত্বই ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়সমূহক ডিজিটেলভাৱে সবলীকৰণৰ আমাৰ সমৰ্পণক প্ৰতিফলিত কৰিছে। পেইউৰ ফিনটেক সামৰ্থ্যৰ সৈতে ভি বিজনেছৰ উদ্যোগ সমাধানক একত্ৰিত কৰি আমি এমএছএমইৰ বৃদ্ধিৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্য ৰাখিছো।”

পেইউ ইণ্ডিয়াৰ চিইঅ’ অনিৰ্বন মুখাৰ্জীয়ে বলিষ্ঠভাৱে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “পেইউত আমি ব্যৱসায়িক ৰূপান্তৰক আগুৱাই নিবলৈ ডিজিটেল উদ্ভাৱনৰ লাভ আদায় কৰাত গভীৰভাৱে বিশ্বাস কৰোঁ। ভি বিজনেছৰ সৈতে আমাৰ সহযোগিতাই ভাৰতীয় এমএছএমইসমূহক নিজৰ ডিজিটেল যাত্ৰাত সহায় কৰিবলৈ শক্তিশালী বিত্তীয় আৰু ব্যৱসায়িক সমাধান প্ৰদান কৰিব।” এই সহযোগিতা গুৱাহাটীৰ দৰে বজাৰলৈও সম্প্ৰসাৰণ কৰি অঞ্চলটোৰ ব্যৱসায়ীসকলৰ মাজত অধিক সুলভ আৰু ডিজিটেল সমাধানৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য হাতত লোৱা হৈছে।