ভাৰতত পৰিচালিত সেৱাসমূহক উন্নীত কৰিবলৈ ভি বিজনেছ আৰু এইচপিই-ৰ কৌশলগত অংশীদাৰিত্ব

ভোডাফোন আইডিয়াৰ উদ্যোগ শাখা ভি বিজনেছে ভাৰতৰ হিউলেট পেকাৰ্ড এণ্টাৰপ্ৰাইজ(এইচপিই)ৰ সৈতে আধুনিক উদ্যোগৰ বিকাশশীল প্ৰয়োজন অনুসৰি অভিনৱ আৰু ভৱিষ্যতৰ বাবে সাজু সমাধান প্ৰদানৰ বাবে কৌশলগত পৰিচালিত সেৱা চুক্তি ঘোষণা কৰিছে। এই সহযোগিতাই অত্যাধুনিক পৰিচালিত ৱায়াৰলেছ এলএএন, চুইচিং আৰু সুৰক্ষা সমাধানসমূহ প্ৰদান কৰিবলৈ এইছপিই এৰুবা নেটৱৰ্কিং উৎপাদনসমূহৰ লাভ উঠাব। এই সহযোগিতাই কেম্পাছ নেটৱৰ্ক, উৎপাদন সুবিধা, বৃহৎ কৰ্পৰেট মুখ্য কাৰ্যালয় আৰু আঞ্চলিক কাৰ্যালয়কে ধৰি বহুতো পৰিৱেশত উদ্যোগ নেটৱৰ্কিং অভিজ্ঞতাক ৰূপান্তৰিত কৰিবলৈ ডিজাইন কৰা হৈছে। এইছপিইৰ বিশ্বমানৰ নেটৱৰ্কিং পৰ্টফলিঅ’ক ভি-ৰ শক্তিশালী সংযোগ আৰু পৰিচালিত সেৱা ক্ষমতাৰ সৈতে সংযুক্ত কৰি দুয়োটাই শেষৰ পৰা শেষলৈ সমাধান আগবঢ়াব, যি বুদ্ধিদীপ্ত, পৰিমাপযোগ্য আৰু সুৰক্ষিত।

এই চুক্তিৰ অধীনত সকলো সেৱা ভিআইৰ নেটৱৰ্ক অপাৰেচন চেণ্টাৰ(এনঅ’চি)ৰ দ্বাৰা সম্পূৰ্ণৰূপে পৰিচালনা আৰু সমৰ্থন কৰা হ’ব, যি এক নিৰৱিচ্ছিন্ন ডেলিভাৰী আৰু সক্ৰিয় ব্যৱস্থাপনা নিশ্চিত কৰিব। এই সহযোগিতাই কম্পিউট আৰু সংৰক্ষণ সামৰ্থ্যৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ ব্যক্তিগত ডাটা চেণ্টাৰসমূহৰ চাৰিওফালে সমাধানসমূহ সহ-বিকশিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।

ভোডাফোন আইডিয়াৰ মুখ্য উদ্যোগ ব্যৱসায়িক বিষয়া অৰবিন্দ নেভাটিয়াই এই বিষয়ে কয় যে, “এইচপিইৰ সৈতে এই কৌশলগত অংশীদাৰিত্বত স্বাক্ষৰ কৰিবলৈ পাই আমি উৎসাহিত হৈছোঁ।” এইচপিই আৰুবা নেটৱৰ্কিঙৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মহাপ্ৰৱন্ধক ফিল মট্ট্ৰামে এই বিষয়ে কয় যে, “ভি বিজনেছৰ সৈতে সহযোগিতা কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ, কিয়নো ই ভাৰতত উদ্যোগ উদ্ভাৱনৰ বাবে এক শক্তিশালী পদক্ষেপ আগবঢ়াইছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *