ইস্প’ৰ্টছ পৰিস্থিতিতন্ত্ৰ উন্নীত কৰিবলৈ একত্ৰিত হৈছে ভিআই আৰু টীম ভাইটেলিটী

ভিআই আৰু টীম ভাইটেলিটীয়ে ভাৰতত এক কৌশলগত ই-স্প’ৰ্টছ অংশীদাৰিত্ব গঢ়ি তুলিছে, যাৰ লক্ষ্য হৈছে দেশৰ ই-স্প’ৰ্টছ পৰিৱেশ তন্ত্ৰৰ প্ৰৱেশ গণতান্ত্ৰিক কৰি তোলা। ২০২৭ চনৰ ভিতৰত ভাৰতীয় ই-স্প’ৰ্টছ উদ্যোগ ১৪০ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু ইতিমধ্যে ই-স্প’ৰ্টছে মূলসুঁতিৰ ক্ৰীড়া ৰূপে স্বীকৃতি লাভ কৰিছে।

এই অংশীদাৰিত্বত ব্ৰেণ্ড পৃষ্ঠপোষকতা, কণ্টেণ্ট অংশীদাৰিত্ব, গেমিং ইভেণ্ট আৰু অনন্য অভিজ্ঞতা ইত্যাদিও অন্তৰ্ভুক্ত কৰা হৈছে। ভিআইৰ গ্ৰাহকসকলে জনপ্ৰিয় টীম ভাইটেলিটী টুৰ্ণামেণ্ট আৰু দলসমূহৰ এক্সক্লুছিভ প্ৰৱেশ লাভ কৰিব। লগতে উদীয়মান ই-স্প’ৰ্টছ প্ৰতিভাধৰ পেছাদাৰী খেলুৱৈ, মাষ্টাৰ ক্লাছ আৰু ইস্প’ৰ্টছ প্ৰতিভাৰ সৈতে মিট-এণ্ড-গ্ৰিটৰ সুবিধাও লাভ কৰিব।

মোবাইল গেমছ ছেগমেণ্টত শক্তিশালী উপস্থিতিৰ বাবে পৰিচিত ভিআই এতিয়া টীম ভাইটেলিটীৰ সৈতে এই সংযোগৰ জৰিয়তে ভাৰতত ই-স্প’ৰ্টছৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব। ভিআই গেমছে পূৰ্বে ই-স্প’ৰ্টছ ছেগমেণ্টত জনপ্ৰিয় ফ্ৰী-টু-প্লে টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল, যেনে কল অৱ ডিউটি: মোবাইল, ফ্ৰী ফায়াৰ মেক্স, এছফাল্ট ৯ আৰু ক্লেছ ৰয়েল। উদীয়মান ই-স্প’ৰ্টছ প্ৰতিভাৰ বাবে ই-স্প’ৰ্টছত অংশগ্ৰহণ কৰাৰ সুযোগ সৃষ্টি আৰু পেছাদাৰী খেলুৱৈ আৰু ই-স্প’ৰ্টছ প্ৰতিভাৰ সৈতে পৰিচয় বা সংস্পৰ্শ প্ৰদান কৰাই এই অংশীদাৰিত্বৰ উদ্দেশ্য। এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি ভিআইৰ চিএমঅ’ অৱনীশ খোছলাই কয় যে, “বিশ্বৰ অন্যতম আগশাৰীৰ ইস্প’ৰ্টছ সংস্থা – টীম ভাইটেলিটীৰ সৈতে অংশীদাৰিত্ব কৰি আমি যথেষ্ট উৎসাহী। আমি একেলগে সমুখত দেশৰ ই-স্প’ৰ্টছ ইক’চিষ্টেমৰ প্ৰৱেশক আগুৱাই নিয়াৰ লগতে গণতান্ত্ৰিক কৰাৰ লক্ষ্য ৰাখিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *