এয়াৰ এছিয়াই এয়াৰএছিয়া মুভ এপ আৰু airasia.com ত নিজৰ অভিনৱ অট’ ভিছা চেক (এভিচি) সুবিধা মুকলি কৰিছে, যাৰ ফলত ভিছা বা ইলেক্ট্ৰনিক ট্ৰেভেল অথৰাইজেচন (ইটিএ)ৰ প্ৰয়োজন হোৱা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে চেক-ইন প্ৰক্ৰিয়া যথেষ্ট সৰল হৈ পৰিছে। ই-নতুন সুবিধাৰ লগে লগে বিমান যাত্ৰীসকলে এতিয়া চেক-ইনৰ প্ৰকৃত সময়ত ভিছা অনলাইনতে ভেৰিফাই(প্ৰমাণিত) কৰিব পাৰে, বিমানখন যাত্ৰা কৰিব লগা ১৪ দিনৰ আগৰ পৰা যাত্ৰাৰ এক ঘণ্টা লৈকে, বিমানবন্দৰৰ কাউণ্টাৰত মেনুৱেল প্ৰমাণীকৰণৰ প্ৰয়োজনীয়তা নোহোৱা কৰিব পাৰে। ষ্টিকাৰ ভিছা স্কেন কৰি বা ই-ভিছা আপলোড কৰি যোগ্য যাত্ৰীসকলে লগে লগে ই-বৰ্ডিং পাছ লাভ কৰিব পাৰে – যাৰ লগে লগে বিমানবন্দৰৰ অভিজ্ঞতা সুশৃংখল আৰু ভিৰ হ্ৰাস কৰিব।
এই পদক্ষেপ কেৱল হাততে বা কম সামগ্ৰী লৈ যোৱা যাত্ৰীসকলৰ বাবে লাভজনক, যিসকলে পোনপটীয়াকৈ ব’ৰ্ডিং দুৱাৰলৈ যাব পাৰে। অতিৰিক্ত সামগ্ৰী থকা সকলে চেল্ফ-চাৰ্ভিছ কিয়স্কত সামগ্ৰীৰ লেবেল প্ৰিণ্ট কৰিব পাৰে আৰু নিৰ্ধাৰিত ডেলিভাৰী সূচকসমূহ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে এভিচি বৰ্তমান একাধিক প্ৰৱেশ ভিছাধাৰীৰ ভিতৰতহে সীমাবদ্ধ; একক বা দ্বৈত প্ৰৱেশ ভিছা থকা সকলে এতিয়াও মেনুৱেলী পঞ্জীয়ন কৰিব লাগিব।
বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ গন্তব্যস্থানলৈ যাত্ৰা কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি পোৱা গুৱাহাটী বিমান বন্দৰত এই সুবিধাই যথেষ্ট লাভান্বিত কৰাৰ সম্ভাৱনা আছে। স্থানীয় ট্ৰেভেল এজেণ্ট আৰু ফ্লায়াৰসকলে এই পদক্ষেপক আদৰণি জনাই কয় যে, ইয়াৰ দ্বাৰা ভ্ৰমণৰ আনুষ্ঠানিকতা সহজ হ’ব আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে যাত্ৰীৰ প্ৰবাহ বৃদ্ধি পাব।