উৎকৰ্ষ এছএছফবিয়ে পশ্চিম বংগত সবল কৰে উপস্থিতি

উৎকৰ্ষ (Utkarsh) স্মল ফাইনেন্স বেংক লিমিটেড (ইউএছএফবিএল)এ পশ্চিম বংগত নিজৰ উপস্থিতি সবল কৰি মুকলি কৰিছে এটা তেওঁলোকৰ নতুন শাখা। উত্তৰ ২৪ পৰগণা জিলাৰ বিধাননগৰ পৌৰ নিগমৰ বাগুয়াটিত তেওঁলোকৰ নতুন শাখাটো মুকলি কৰিছে। এই নতুন বেঙ্কিং আউটলেটটো এজন জ্যেষ্ঠ বেংকাৰ শ্ৰীযুত সোমনাথ সেন গুপ্তা আৰু উৎকৰ্ষ ক্ষুদ্ৰ বিত্ত বেংকৰ এমডি আৰু চিইঅ’ শ্ৰীগোবিন্দ সিঙে উদ্বোধন কৰে। বাগুয়াটিত এই বেঙ্কিং আউটলেটৰ আৰম্ভণি বিভিন্ন বিত্তীয় সেৱা আগবঢ়োৱাৰ বাবে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বেঙ্কৰ ৰণনীতিৰ সৈতে সংযোজিত।

 ইয়াৰ শাখা আন্তঃগাঁথনি, ডিজিটেল বেঙ্কিং ক্ষমতা আৰু এটিএম নেটৱৰ্কৰ সৈতে বেঙ্কে একত্ৰিত গ্ৰাহক সেৱা আগবঢ়ায়। এই বেঙ্কে বিহাৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ ৰাজ্যত ৭ টা বেঙ্কিং শাখা মুকলি কৰিছে। ইয়াৰ সৈতে, এই বেঙ্কে ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৭১১ টা শাখা মুকলিৰে নিজৰ উপস্থিতি শক্তিশালী কৰিছে। বেঙ্কিং আউটলেটটোৱে দুখীয়া বা নিম্ন আয়ৰ ব্যক্তি বা বিত্তীয় সেৱাৰ সীমিত প্ৰৱেশাধিকাৰ থকা গোটবোৰক ব্যৱসায় বিকাশ সেৱাৰ বাবে মাইক্ৰ’বেঙ্কিং ঋণ প্ৰদান কৰিব।

এতিয়া, গ্ৰাহকসকলে বেঙ্কিং আউটলেট, এটিএম, ইণ্টাৰনেট বেঙ্কিং, ম’বাইল বেঙ্কিং, টেব বেঙ্কিং আৰু কল চেণ্টাৰকে ধৰি একাধিক চেনেলৰ জৰিয়তে বেঙ্কিং সেৱা লাভ কৰিব পাৰে। বেঙ্কে টেব-আধাৰিত এপ্লিকেচন সহায়ক মডেল, ‘ডিজি অন-বৰ্ডিং’ৰ জৰিয়তে শাখালৈ নোযোৱাকৈ বেঙ্ক একাউণ্ট খোলাৰ বাবে গ্ৰাহকসকলক সুবিধা প্ৰদান কৰে। বেঙ্কে নতুন বজাৰ আৰু ভৌগোলিক ক্ষেত্ৰত সম্প্ৰসাৰিত হোৱাৰ লগে লগে ইয়াৰ গ্ৰাহক আধাৰ বহল কৰি আছে।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *